ETV Bharat / state

কাৰ্বি আংলংত ১১ টা পৰিয়ালে যোগ দিলে বিজেপিত - 11 families join bjp

পশ্চিম কাৰ্বি আংলংৰ ডেৰা-আৰলকত ১১ পৰিয়ালে যোগদান কৰিলে বিজেপিত । 'পাহাৰত পুনৰ পদুম ফুলিব আৰু উন্নয়ন- বিকাশৰ ধাৰা অব্যাহত থাকিব ' এই মন্তব্য মংগলছিং তিমুঙৰ ৷

11 families from karbi anglang join bjp
কাৰ্বি আংলংত ১১ টা পৰিয়ালৰ বিজেপিত যোগদান
author img

By

Published : Dec 6, 2020, 1:48 PM IST

কাৰ্বি আংলং, 6 ডিচেম্বৰ : শনিবাৰে পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ 8 নম্বৰ হামৰেণ সমষ্টিৰ অন্তৰ্গত ইংলং-কেজইৰ পৰা আমফি-কেটকলৈ 8 কি:মি: দৈৰ্ঘৰ চলিত পথ নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগল ছিং তিমুঙে ৷ ইয়াৰ লগতে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা ইংলং-কেজই প্ৰাথমিক বিদ্যালয় গৃহ, বিদ্যালয়ৰ চৌহদ দেৱাল, মুকলি মঞ্চ, বিশুদ্ধ খোৱাপানী সংৰক্ষণ-যোগান আঁচনিৰ লগতে ৰংমানপী প্ৰাথমিক বিদ্যালয় গৃহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কাৰ্যবাহী সদস্য জনে ৷

11 families from karbi anglang join bjp
কাৰ্বি আংলংত ১১ টা পৰিয়ালে যোগদান কৰিলে বিজেপিত

এই শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি "উন্নয়ন-বিকাশ, আঁচনি ৰূপায়ণ, বিশেষকৈ বাট পথৰ নিৰ্মাণেৰে হামৰেণ সমষ্টিক পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অন্যতম সমষ্টি হিচাপে বিশেষভাৱে গঢ়ি তুলিম" বুলি মন্তব্য কৰে মংগল ছিং তিমুঙে ৷

11 families from karbi anglang join bjp
১১ টা পৰিয়ালৰ বিজেপিত যোগদান

শুভ উদ্বোধন কাৰ্যসূচী সম্পন্ন কৰাৰ পাছতে ডেৰা-আৰলকত এখন বিজেপিৰ ৰাজহুৱা মুকলি সভাও অনুষ্ঠিত হয় ৷ এই সভাৰ মজিয়াতে জনপ্ৰতিনিধি তিমুঙৰ উপস্থিতিত 11 টা পৰিয়ালে কংগ্ৰেছ-এ এছ ডি চি দল ত্যাগ কৰি অনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷ বিজেপিত যোগদান আৰু বিজেপিক ৰাইজে কৰা সমৰ্থনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত পাহাৰত পুনৰ পদুম ফুলিব আৰু উন্নয়ন- বিকাশৰ ধাৰা অব্যাহত থাকিব বুলি মন্তব্য কৰে মংগল ছিং তিমুঙে ।

আয়োজিত সভাত উপস্থিত থাকে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ উপৰিও হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন ছিং তিচ্ছ’, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেন ছিং তিচ্ছ', গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ’, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে’, বীৰেন ৰংহাং আৰু ভালে সংখ্যক বিজেপি কৰ্মকৰ্তাৰ লগতে মহিলাসকল ।

লগতে পঢ়ক : বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ওদালবাক্ৰা থানাত এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.