ETV Bharat / state

ৰঙিয়াত কাগজৰ তাজমহল,ঢকুৱাৰ জাহাজ... - আধা মূল‍্যত গ্ৰাহকক সামগ্ৰী উপলব্ধ

পেলনীয়া বহু সামগ্ৰীক ন-ৰূপ প্ৰদান কৰি চৰ্চাত ৰঙিয়াৰ বনগাঁৱৰ এজন ছাত্ৰ ৷

Youth making useable goods from wastage at Rangia
ৰঙিয়াত কাগজৰ তাজমহল, ঢকুৱাৰ জাহাজ...
author img

By

Published : Nov 6, 2020, 12:21 PM IST

ৰঙিয়া, 6 নৱেম্বৰ: পেলনীয়া বহু সামগ্ৰীক ন-ৰূপ প্ৰদান কৰি চৰ্চাত ৰঙিয়াৰ বনগাঁৱৰ চাহীল হুছেইন নামৰ এজন ছাত্ৰ ৷ পলিটেকনিকৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্র চাহীলে ডাঠ কাগজেৰে সাজিছে তাজমহল,তামোলৰ ঢকুৱাৰে সাজিছে জাহাজ ৷ লগতে পুৰণা নট্ আৰু বল্টুৰে সাজিছে এখন মটৰ চাইকেল ৷ আনকি লক ডাউনৰ সময়ছোৱাত ঘৰত এনেই থাকি সময় নষ্ট নকৰি চাহীলে সাজিবলৈ লৈছে একুৰিয়াম ৷ আইনা আৰু মটৰটোৰ বাহিৰে সকলো পেলনীয়া আৰু ঘৰতে উপলব্ধ সামগ্ৰীৰে সাজিছে একুৰিয়ামসমুহ ৷

ৰঙিয়াত কাগজৰ তাজমহল, ঢকুৱাৰ জাহাজ...

প্ৰথম অৱস্থাত চখতেই ঘৰৰ বাবে একুৰিয়াম সাজিছিল যদিও,এতিয়া বহু লোকে গম পাই চাহীলৰ পৰা একুৰিয়াম কিনি লৈ গৈছে। উল্লেখ্য যে,চাহীলে একুৰিয়ামত ব‍্যৱহাৰ কৰা মাছবোৰো অসমতেই উপলব্ধ থলুৱা মাছ ।

Youth making useable goods from wastage at Rangia
পেলনীয়া বহু সামগ্ৰীক ন-ৰূপ প্ৰদান কৰি চৰ্চাত ৰঙিয়াৰ বনগাঁৱৰ চাহীল হুছেইন

বজাৰতকৈ প্ৰায় আধা মূল‍্যত গ্ৰাহকক সামগ্ৰী উপলব্ধ কৰিবলৈ সক্ষম হোৱা চাহীলে খুব কম সময়ৰ ভিতৰতেই এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। পেলনীয়া আৰু অদৰকাৰী সামগ্ৰীৰে আৰম্ভণি কৰি বৰ্তমান গ্ৰাহকৰ মাজত এক উচ্চ স্থান দখল কৰিবলৈ সক্ষম হোৱা চাহীল উঠি অহা প্ৰজন্মৰ বাবে এক আদৰ্শ স্বৰূপ।

লগতে পঢ়কঃ আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.