বকো,26 নৱেম্বৰ : বকোৰ বন বিভাগৰ কাৰ্যালয়ৰ চৌহদত অঘটন । গছৰ পৰা পৰি কৰুণ মৃত্যু হৈছে এজন যুৱকৰ। নিহত যুৱকজন বকো বেলপাৰাৰ হিৰণ্য ৰাভা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে,গছৰ ডাল কাটি থাকোতে সংঘটিত হয় অঘটন। বন বিভাগৰ বিষয়াৰ নিৰ্দেশ মৰ্মে গছৰ ডাল কাটিবলৈ উঠিছিল হিৰণ্য। ইতিমধ্যে নিহত যুৱকজনক বকো চিকিৎসালয়ত থৈ দায়িত্ব সামৰিলে বন বিভাগৰ বিষয়াই। এই ঘটনাৰ পাচতেই ক্ষোভিত হৈ স্থানীয় ৰাইজ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
![গছৰ পৰা পৰি যুৱকৰ কৰুণ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9667201_816_9667201_1606353896921.png)
লগতে পঢ়ক:DRDOৰ সফলতাঃ আন্দামানত সম্পন্ন বহ্মাস্ত্ৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ