ETV Bharat / state

কেতিয়া মুকলি হ’ব চাংসাৰিত নিৰ্মাণৰত AIIMS - গুৱাহাটী এইমছ

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছৰ নিৰ্মাণৰ কাৰণে অসম চৰকাৰে ৩৯০ দাগৰ ৫৭১ বিঘা মাটি আৱন্টন দিছিল ৷ তেতিয়াৰে পৰা এনচিচি (NCC) নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । ক'ভিড সৃষ্ট পৰিবেশৰ মাজতো ভাল খবৰ এয়ে যে এইমছ(AIIMS)ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । দেশবাসীৰ বাবে মুকলি হোৱাৰ পথত চাংসাৰিত নিৰ্মাণৰত গুৱাহাটী এইমছ (AIIMS) ।

AIIMS Guwahati
দ্ৰুত গতিত চলিছে গুৱাহাটী এইমছৰ নিৰ্মাণ কাৰ্য
author img

By

Published : Jul 9, 2021, 9:36 PM IST

উত্তৰ গুৱাহাটী, ৯ জুলাই : গুৱাহাটীত নিৰ্মাণ কাৰ্য চলি আছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (All India Institute of Medical Sciences) চমুকৈ এইমছৰ । কেইটামান মাহৰ পিছতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডত সংযোজন ঘটিব এই নতুন হাস্পতাল খনৰ । ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাংসাৰিত আধাৰশিলা স্থাপন কৰিছিল উত্তৰ-পূৰ্বাঞ্চলত হ'বলগীয়া প্ৰথম খন এইমছৰ (AIIMS) ।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছৰ নিৰ্মাণৰ কাৰণে অসম চৰকাৰে ৩৯০ দাগৰ ৫৭১ বিঘা মাটি আৱন্টন দিছিল আৰু তেতিয়াৰে পৰা এনচিচি (NCC) নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । ক'ভিড (Covid) সৃষ্ট পৰিবেশৰ মাজতো ভাল খবৰ এয়ে যে এইমছৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । দেশবাসীৰ বাবে মুকলি হোৱাৰ পথত চাংসাৰিত নিৰ্মাণৰত গুৱাহাটী এইমছৰ (AIIMS Guwahati) ।

ইতিমধ্যে অ'পিডি (OPD), আইপিডি (IPD), প্ৰশাসনিক ভৱন, হোষ্টেল(Hostel), অতিথিশালা(Guest house) আদিৰ কাম ৮০ শতাংশ সম্পূৰ্ণ কৰিছে নিৰ্মাণৰত প্ৰতিষ্ঠানে । দিন ৰাতি একাকাৰ কৰি প্ৰতিষ্ঠানটোৱে চলাই আছে নিৰ্মাণৰ কাম । ক'ভিড মহামাৰীৰ ফলত প্ৰায় ১২০০ কোটি টকীয়া এই প্ৰকল্পটো নিৰ্মাণৰ গতি কিছু লেহেম হ'লেও চলিত বৰ্ষৰ শেষৰ ফালে মুকলি হ'ব গুৱাহাটী এইমছ । এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত eco friendly হিচাপে নিৰ্মাণ চলি আছে এইমছৰ ।

দ্ৰুত গতিত চলিছে গুৱাহাটী এইমছৰ নিৰ্মাণ কাৰ্য

নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ এগৰাকী বিষয়াই জনোৱা মতে প্ৰকৃতিৰ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । ইতিমধ্যে এইমছৰ চাৰিওফালে ৩,৩০০ জোপা গছ ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে । কেৱল এয়াই নহয় হাস্পতাল চৌহদৰ প্ৰায় ৩০ লাখ বৰ্গ ফুট অঞ্চল সেউজীকৰণ কৰাৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে ।

হাস্পতালৰ বিভিন্ন জুলীয়া আৰু গোটা আৱৰ্জনা পুনৰ নৱীকৰণ কৰি তাক ব্যৱহাৰৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব । লগতে বিভিন্ন ক্ষেত্ৰত সৌৰ শক্তিৰো ব্যৱহাৰ কৰা হ'ব হাস্পতাল খনত। ইফালে হাস্পতাললৈ যোৱা পথটো গছ ৰোপণ কৰা হ'ব বুলি এন চি চি প্ৰতিষ্ঠানটোৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :মাজুলীৰ উপ-নিৰ্বাচন: প্ৰাৰ্থী বাচনিত সোণোৱালৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.