ETV Bharat / state

আৰক্ষীৰ অভিযানত জব্দ চাউলৰ লগতে গছৰ কুণ্ডা - কামৰূপ আৰক্ষী

বুধবাৰে পুৱতি নিশা কামৰূপ আৰক্ষীৰ সফল অভিযান ৷ জিলাখনৰ দুই উপ-আৰক্ষী অধীক্ষক ক্ৰমে কল্যাণ কুমাৰ পাঠক, ফুলুং নাৰ্জাৰী আৰু বকো থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ অবৈধ জমা কৃত চৰকাৰী চাউলৰ লগতে শালগছৰ কুণ্ডা জব্দ কৰে ।

Wooden logs and rice seized by boko police kamrup assam etv bharat news
কামৰূপ আৰক্ষীৰ সফল অভিযান
author img

By

Published : Sep 17, 2020, 10:24 PM IST

বকো,17 ছেপ্তেম্বৰ: বকোৰ মালিবাৰী পথাৰ বজাৰত বুধবাৰে পুৱতি নিশা প্ৰায় দুই বজাত এক অভিযান চলাই কামৰূপ আৰক্ষীয়ে ৷ জিলাখনৰ দুই উপ-আৰক্ষী অধীক্ষক ক্ৰমে কল্যাণ কুমাৰ পাঠক, ফুলুং নাৰ্জাৰী আৰু বকো থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ অবৈধ জমা কৃত চৰকাৰী চাউলৰ লগতে শালগছৰ কুণ্ডা জব্দ কৰে । আৰক্ষীয়ে চলোৱা এই অভিযানত জলজলি নৈৰ পৰা প্ৰায় 60 টাকৈ গছৰ কুণ্ডা আৰু 218 বেগ চাউল উদ্ধাৰ হয় ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, জব্দ কৃত দুইবিধ সামগ্ৰীৰে বজাৰ মূল্য প্ৰায় এক লক্ষাধিক টকা হ’ব । উক্ত ঘটনাত জড়িত কোনো ব্যক্তিকে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, পথৰ দুৰৱস্থাৰ বাবে জব্দ কৃত সামগ্ৰীসমূহ বৃহস্পতিবাৰে যন্ত্ৰচালিত নাৱৰে ছমৰীয়া আৰক্ষী চকীলৈ অনাৰ পিছত ট্ৰেক্টৰৰ সহায়ত বকো আৰক্ষী থানালৈ আনে । লগতে চাউলখিনি মালিবাৰীৰ ফুলবৰ আলীৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷

কামৰূপ আৰক্ষীৰ সফল অভিযান

আনহাতে, নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলসমূহত যথেষ্ট পৰিমাণে চোৰাং কাঠৰ অবৈধ ব্যৱসায় চলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ চোৰাং কাঠৰ ব্যৱসায়ীসকলে অসম-মেঘালয় সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলসমূহৰ পৰা মূল্যবান শাল, চেগুন আদি কাটি আনি ব্ৰহ্মপুত্ৰৰে যন্ত্ৰচালিত নাৱৰ সহায়ত ৰাজ্যৰ ভিন্ন অঞ্চললৈ প্ৰেৰণেৰে বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ ধুবুৰীত ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.