বকো, 21 জুলাই : ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত সৌন্দৰ্যৰ ক্ষেত্ৰত অসম ঈৰ্ষাজনকভাৱে চহকী । ৰাজ্যৰ বিভিন্ন স্থানত থকা পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা সকলোতে প্ৰকৃতিয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ভূষিত কৰি ৰাখিছে । লোকসমাদৃতৰ পৰা বঞ্চিত যদিও ৰাজ্যক সৌন্দৰ্যৰ ভিতৰতে শ্ৰেষ্ঠ কৰাৰ কিছু কৃতিত্ব অসম মেঘালয় সীমান্তত অৱস্থিত চিৰসেউজ লাম্পিৰ ৷
লগতে পঢ়কঃ শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তত অৱস্থিত চিৰসেউজ লাম্পিত গোটেই বছৰটোৱে পিন্ধিব লাগে জেকেট, চুৱেটাৰ আদি । সঘনাই আন্তঃৰাজ্যিক সীমা বিবাদৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে লাম্পিয়ে ৷ 2010 চনৰ 14 মে'ত সীমাক লৈ নেপালী আৰু খাচীসকলৰ মাজত হোৱা সংৰ্ঘষ উল্লেখযোগ্য ৷ এই সংঘৰ্ষত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি চাৰিজনকৈ খাচী জনজাতীয় লোক নিহত হোৱাৰ লগতে 15 তকৈ অধিক লোক আহত হৈছিল ৷ কিন্তু দুয়োখন ৰাজ্যৰ চৰকাৰে মৃতকৰ সংখ্যা কেৱল দুজন বুলিহে অৱগত কৰে ৷ কিন্তু সীমা বিবাদেও যেন ম্নান কৰিব পৰা নাই লাম্পিৰ সৌন্দৰ্য ৷ লাম্পিখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা হয়তো অসমৰ অধিকাংশ লোকেই জ্ঞাত নহয় । কাৰণ ৰাজ্যৰ পৰ্যটনথলী সমূহৰ তালিকাৰ পৰা বহু দূৰৈত অৱস্থান সেউজীয়া পাহাৰেৰে আৱৰা লাম্পি ৷
পৰ্যটনৰ ওপৰত ভিত্তি কৰিয়েই এক বৃহৎ অঞ্চলৰ অৰ্থনীতি গঢ় লৈ উঠা দেখা যায় । কিন্তু পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ লাম্পি এখন ৰম্যভূমি হোৱাৰ পাছতো অঞ্চলটোৰ সঠিক উপস্থাপন কৰিব পৰা নাই পৰ্যটন বিভাগে ৷ আজিও লাম্পিৰ দৰে অঞ্চলসমূহ অৱহেলিত হৈ থকাৰ ফলত ৰাজ্যৰ পৰ্যটন বিভাগ নামৰ বিয়াগোম বিভাগে পৰ্যটনক এটা উদ্যোগ হিচাপে গঢ়ি তুলিব পৰা নাই । ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবে যদি শীঘ্ৰেই পদক্ষেপ হাতত নলয় তেন্তে সন্নিকট ভৱিষ্যতত ইতিহাসৰ পৃষ্ঠাত এলাগী হৈ পৰিব বিনন্দীয়া অসমৰ নাম ।
লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী