ETV Bharat / state

বোৱাৰী হত্যাৰ অভিযোগত আটক স্বামী-শহুৰ-শাহু

author img

By

Published : Feb 27, 2021, 8:30 PM IST

ৰঙিয়া আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানালৈ অনাৰ পাচতেই অধিক উত্তপ্ত হৈ পৰে থানা চৌহদ । শতাধিক ৰাইজে বোৱাৰী হত্যাকাৰী তিনি অভিযুক্তক শীঘ্ৰে শাস্তি দিয়াৰ দাবী জনাই থানা ঘেৰাও কৰে ।

WIFE MURDERER ARRESTED IN RANGIA
ৰঙিয়াত বোৱাৰী হত্যাকাৰীক আটক

ৰঙিয়া, 27 ফেব্ৰুৱাৰী : ৰঙিয়াত বোৱাৰী হত্যাকাৰী আটক । ৰঙিয়া গুৰকুছিৰ পৰা শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মৃত জুৰি বেগমৰ হত্যাকাৰী স্বামী, শহুৰ আৰু শাহুয়েকক । ৰঙিয়া আৰক্ষীয়ে তিনি অভিযুক্তক আটক কৰি ৰঙিয়া থানালৈ অনাৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে থানা চৌহদ । শতাধিক ৰাইজে বোৱাৰী হত্যাকাৰী তিনি অভিযুক্তক শীঘ্ৰে শাস্তি দিয়াৰ দাবী জনাই থানা ঘেৰাও কৰে । আৰক্ষীয়ে নিৰাপত্তাৰ তাগিদাত তিনি অভিযুক্তক কমলপুৰ থানালৈ প্ৰেৰণ কৰে ।

ৰঙিয়াত বোৱাৰী হত্যাকাৰীক আটক

কমলপুৰ আৰক্ষীয়ে বৰ্তমান অভিযুক্ত লোককেইজনৰ জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য শুকুৰবাৰে পুৱা ৰঙিয়াৰ গুৰকুছিৰ স্বামীগৃহৰ ৰান্ধনীঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল জুৰি বেগমৰ মৃতদেহ । জুৰিৰ পিতৃ গৃহৰ লোকে এইয়া এক হত্যাকাণ্ড বুলি অভিযোগ তুলি ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছিল । তাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মূল অভিযুক্ত তথা মৃত জুৰি বেগমৰ স্বামী খবিৰুদ্দিন আলী, শাহু মেহেৰুণ নেছা আৰু শহুৰেক নাজিম আলীক গ্ৰেপ্তাৰ কৰে । বোৱাৰী হত্যাত জড়িত আটাইকেইজনকে কঠোৰতকৈ কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে স্থানীয লোকে ।

লগতে পঢ়ক : পূজাৰীৰ ভেশ লোৱা কোন এই বিজেপি নেতা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.