ETV Bharat / entertainment

ৰেণুকাস্বামী হত্যা গোচৰ, তিনি অভিযুক্ত মুকলি আকাশৰ তললৈ - Actor Darshan Renukaswamy murder

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Renukaswamy murder case : ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰত তুমাকুৰু জিলা কাৰাগাৰত বন্দী তিনিজন অভিযুক্তক আজি জামিনত মুকলি কৰা হয় । জামিন পোৱাৰ পাছতো কাৰাগাৰৰ পৰা ওলাই আহিবলৈ তেওঁলোক কিছু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল ।

renukaswamy murder case three accused released from tumakuru jail on bail
তিনি অভিযুক্ত মুকলি আকাশৰ তললৈ (ETV Bharat)

চিটাৰা ডেস্ক, 2 অক্টোবৰ : ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰত তুমাকুৰু জিলা কাৰাগাৰত থকা তিনি অভিযুক্তক আজি জামিনত মুকলি কৰি দিয়া হয় । 15 নং অভিযুক্ত কাৰ্তিক, 16 নং অভিযুক্ত কেশৱমূৰ্তি আৰু 17 নং অভিযুক্ত নিখিলক মুকলি কৰি দিয়া হৈছে । জামিন মঞ্জুৰ কৰি 10 দিনৰ পিছত মুকলি কৰি দিয়া হয় । জামিন পোৱাৰ পিছতো জেলৰ পৰা ওলাই আহিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় তেওঁলোক ।

জামিনত মুকলি হ’ল তিনি অভিযুক্ত

কাৰাগাৰৰ পৰা মুক্তি পোৱা তিনি অভিযুক্তই কয়, “আমি ইতিমধ্যে আমাৰ বিবৃতি আৰক্ষীক দিছো, আদালতে সকলো তদন্ত কৰিব । আইনে কি কয় আমি শুনিম ।” এই সময়ছোৱাত তেওঁলোকে সংবাদ মাধ্যমৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে । শেহতীয়াকৈ এই গোচৰত তিনিজন অভিযুক্তক চৰ্তসাপেক্ষ জামিন প্ৰদান কৰা হৈছে । চি চি এইচ আদালতে 15 আৰু 17 নং অভিযুক্ত কাৰ্তিক আৰু নিখিল নাইকক জামিন প্ৰদান কৰাৰ বিপৰীতে উচ্চ ন্যায়ালয়ে গোচৰৰ 16 নং অভিযুক্ত কেশৱ মূৰ্তিক জামিন প্ৰদান কৰে ।

আৰক্ষীয়ে শেহতীয়াকৈ ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰত 3,991 পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছে কিয়নো গোচৰটোৰ তদন্ত চূড়ান্ত পৰ্যায়ত আছে । বেংগালুৰুৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দে কয় যে সাতটা খণ্ড আৰু 10 টা ফাইলৰে গঠিত 3,991 পৃষ্ঠাৰ অভিযোগপত্ৰখন 24 নং অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতত দাখিল কৰা হৈছিল । আৰক্ষীৰ বিবৃতিত কোৱা হৈছে যে সকলো প্ৰমাণৰ সৈতে এখন অভিযোগপত্ৰ প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক : দৰ্শনৰ পত্নীয়ে জামিনৰ কথা নপতাকৈ কেৱল চাৰ্জশ্বীটৰ বিষয়েহে আলোচনা কৰিলে - RENUKASWAMY MURDER CASE

ৰেণুকাস্বামী হত্যাকাণ্ড গোচৰ: তদন্ত অব্যাহত থকাৰ লগে লগে দৰ্শনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি - RENUKASWAMY MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.