ETV Bharat / sports

ইৰাণী কাপত ছৰফৰাজ খানৰ দ্বি-শতক অৰ্জন; নিৰ্বাচকমণ্ডলীক দিলে উচিত প্ৰত্যুত্তৰ - IRANI CUP 2024

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Sarfaraz Khan Double Century: লক্ষ্ণৌত অনুষ্ঠিত হৈছে মুম্বাই বনাম ৰেষ্ট অৱ ইণ্ডিয়াৰ মাজত ইৰাণী কাপৰ খেল । এই মেচত ছৰফৰাজ খানে দৰ্শনীয় দ্বি-শতক অৰ্জন কৰি নিৰ্বাচকমণ্ডলীক দিছে উচিত প্ৰত্যুত্তৰ ৷

IRANI CUP 2024
ছৰফৰাজ খানৰ দ্বি-শতক (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ: ইৰাণী কাপ 2024 ৰ এখন মেচ অনুষ্ঠিত হৈছে মুম্বাই বনাম ৰেষ্ট অৱ ইণ্ডিয়াৰ মাজত । এই শৃংখলাৰ দ্বিতীয় দিনা ছৰফৰাজ খানে দ্বি-শতক অৰ্জন কৰি নিৰ্বাচক মণ্ডলীক দিয়ে উচিত প্ৰত্যুত্তৰ ৷ কিয়নো সদ্যসমাপ্ত ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ পৰা বাদ পৰিছিল ক্ৰিকেটাৰগৰাকী ৷

3 দিন পূৰ্বে পিতৃ আৰু ভাতৃ দুৰ্ঘটনাত পতিত

এই মেচখনৰ তিনিদিন পূৰ্বে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছৰফৰাজ খানৰ কনিষ্ঠ ভাতৃ মুছিৰ খান আৰু পিতৃ । পৰৱৰ্তী সময়ত চিকিৎসকে দুয়োকে বিপদমুক্ত ঘোষণা কৰে । এই দুৰ্ঘটনাৰ কথা বাদ দি লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ দ্বিতীয় দিনা ৰেষ্ট অৱ ইণ্ডিয়া একাদশৰ বিৰুদ্ধে ইৰাণী কাপত সম্পূৰ্ণ সাহসিকতাৰে প্ৰদৰ্শন কৰি খেলুৱৈগৰাকীয়ে অৰ্জন কৰে দ্বি-শতক ৷

ইৰাণী কাপত দ্বৈত শতক অৰ্জন কৰি ইতিহাস সৃষ্টি

দ্বি-শতক অৰ্জন কৰা ছৰফৰাজ খান মুম্বাইৰ প্ৰথমগৰাকী বেটছমেনৰ লগতে সন্মানীয় ইৰাণী কাপত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থগৰাকী কনিষ্ঠ খেলুৱৈ ৷ লক্ষ্ণৌত ৰেষ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে খেলৰ দ্বিতীয়দিনা 253 বলত 200 ৰাণ সংগ্ৰহ কৰি এই কৃতিত্ব অৰ্জন কৰে 26 বছৰীয়া ছৰফৰাজে ।

দ্বৈত শতক অৰ্জন কৰা ছৰফৰাজৰ বয়স 26 বছৰ 346 দিন । ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, শিখৰ ধৱন আৰু যশস্বী জয়ছোৱালে এই কৃতিত্ব অৰ্জন কৰিছে । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰফৰাজ খানে 14 টা অৰ্ধশতক আৰু 15 টা শতক অৰ্জন কৰিছে ।

এই পৰ্যন্ত ইৰাণী কাপৰ অৱস্থা

ইয়াৰ পূৰ্বে 234 টা বলত 97 ৰাণ সংগ্ৰহ কৰি অধিনায়ক অজিংক্য ৰাহানে হেৰুৱাইছিল উইকেট । বাতৰি লিখাৰ সময়লৈকে মুম্বাইয়ে 131 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 511 ৰাণ । ছৰফৰাজ খানে 211 ৰাণ আৰু শাৰ্দুল ঠাকুৰে 21 ৰাণ সংগ্ৰহ কৰি ক্ৰিজত বৰ্তি আছে ।

ফাৰ্ষ্ট ৰেষ্ট অৱ ইণ্ডিয়া একাদশৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাড়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁৰ এই সিদ্ধান্ত প্ৰথমতে যথেষ্ট সফল যেন লাগিছিল ।

নিৰ্ধাৰিত সময়তকৈ প্ৰায় এঘণ্টা পলমকৈ আৰম্ভ হোৱা মেচখনত আৰ্দ্ৰতাৰ সুযোগ লৈ ফাষ্ট বলাৰ মুকেশ কুমাৰে দুৰ্দান্ত বলিং কৰি মুম্বাইক 37 ৰাণত সীমাবদ্ধ কৰে ৷ পৰৱৰ্তী সময়ত টীম ইণ্ডিয়াৰ বেটছমেন শ্ৰেয়ছ আয়াৰ আৰু অজিংক্য ৰাহানে দলৰ দায়িত্ব লয় । চতুৰ্থ উইকেটত দুয়োজনৰ অংশীদাৰিত্বৰে দলটোৱে সংগ্ৰহ কৰে 102 ৰাণ ৷ শ্ৰেয়ছে 6 টা চাৰি আৰু দুটা আকাশচুম্বী ছয়ৰ সহায়ত 84 টা বলত 57 ৰাণ সংগ্ৰহ কৰি সম্পূৰ্ণ কৰে অৰ্ধশতক ।

লগতে পঢ়ক: ৰোহিতক উচ্চ প্ৰশংসা; জয়ছোৱাল আৰু চিৰাজলৈ শৃংখলাৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ বঁটা - FIELDER OF THE SERIES AWARD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.