ETV Bharat / state

2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কণ্ঠশিল্পী বাবু বৰুৱা ! - আশা বৰদলৈ

কণ্ঠশিল্পী বাবু বৰুৱাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি সদৰি কৰে ৷ ইয়াৰ উপৰি কংগ্ৰেছ দলে 2021 ৰ নিৰ্বাচনত তেওঁক যদি অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়ে তেনেহ'লে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰো ইংগিত দিয়ে বাবু বৰুৱাই ৷

Vocalist Babu Baruah will be the Congress candidate in the 2021 elections.
2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কণ্ঠশিল্পী বাবু বৰুৱা
author img

By

Published : Aug 19, 2020, 5:16 PM IST

দক্ষিণ কামৰূপ/আজাৰা,19আগষ্টঃ এইবাৰ ৰাজনীতিৰ পথাৰত খোজ পেলাবলৈ সাজু জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা ৷ সংগীত চৰ্চাৰ সমান্তৰালভাৱে সামাজিক কৰ্মৰাজিৰ সৈতে জড়িত তথা কা আন্দোলনৰ সময়ত ৰাজপথত নামি পৰা কণ্ঠশিল্পী গৰাকীয়ে অহা 25 আগষ্টত যোগদান কৰিব কংগ্ৰেছ দলত ৷ ইয়াৰ পিছতে এতিয়া বিশেষভাৱে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চিত হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী ৷ কাৰণ সন্মুখত 2021ৰ বিধানসভা নিৰ্বাচন ৷

2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কণ্ঠশিল্পী বাবু বৰুৱা !

এই সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুটীয়া সাক্ষাৎকাৰত কণ্ঠশিল্পী বাবু বৰুৱাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি সদৰি কৰে ৷ ইয়াৰ উপৰি কংগ্ৰেছ দলে 2021 ৰ নিৰ্বাচনত তেওঁক যদি অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়ে তেনেহ'লে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰো ইংগিত দিয়ে বাবু বৰুৱাই ৷ সাক্ষাৎকাৰত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৰাজপথৰ আন্দোলনৰ সলনি ৰাজনৈতিক ভাবে আন্দোনল গঢ়ি তুলিবলৈ আহ্বান জনালে যুৱ প্ৰজন্মক । ইপিনে কা সন্দৰ্ভত নিজৰ স্থিতি একেই আছে বুলি উল্লেখ কৰি আগন্তুক সময়তো 'কা'ৰ বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰে কণ্ঠশিল্পী গৰাকীয়ে ৷ যাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত হেঁচা প্ৰয়োগ কৰিবৰ বাবেই কংগ্ৰেছত যোগদান কৰিব বুলিও মন্তব্য কৰে বাবু বৰুৱাই ৷

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমূহত অব্যাহত আছে যোগদান প্ৰক্ৰিয়া ৷ পিছপৰি ৰোৱা নাই ৰাজ্যৰ অভিনেতা,অভিনেত্ৰীৰ লগতে কণ্ঠশিল্পীও ৷ ইতিমধ্যে যতীন বৰা,আশা বৰদলৈ আৰু বিদ্যা সাগৰেও বিজেপি দলত যোগদান কৰিছে ৷ শিল্পী সমাজৰ আগমনে আগন্তুক ৰাজ্যৰ ৰাজনীতিত কেনেদৰে প্ৰভাৱ পেলাব সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃউন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.