ছয়গাঁও,২১ চেপ্তেম্বৰ : এজন যুৱকক হত্যা কৰাৰ অপৰাধত শুকুৰবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে গোৱৰ্ধনৰ পৰা গ্ৰেপ্তাৰ কৰে ধীৰাজ কলিতা নামৰ এজন যুৱকক ৷ জানিব পৰামতে গণকপাৰা জাহিজপুৰ গাঁৱৰ চোৰাং কাঠৰ বেপাৰৰ সৈতে জড়িত ধীৰাজ কলিতা নামৰ যুৱকজনে যোৱা ৪ চেপ্তেম্বৰৰ নিশা জামুগুৰি শংকৰদেৱ শিশু নিকেতনৰ সমীপত কিবা কাৰণত উৎপল তালুকদাৰ নামৰ যুৱকজনক বেয়াকৈ প্ৰহাৰ কৰে ৷ আহত যুৱকজনক লগে লগে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷ বিগত দিন কেইটা চিকিৎসালয়ত থকাৰ পিচত যুৱকজনৰ শুকুৰবাৰে পুৱা মৃত্যু হয় ৷ ইফালে যুৱকজনক মাৰপিত কৰাৰ পিচত ধীৰাজ কলিতা নামৰ যুৱকজন পলাই আছিল ৷
এই ঘটনা সন্দৰ্ভত উৎপল তালুকদাৰৰ পৰিয়ালৰ লোকে ছয়গাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ বিগত দিনকেইটাত আৰক্ষীয়ে হত্যাকাৰী ধীৰাজ কলিতাৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ পিচত শুকুৰবাৰে নিশা গোৱৰ্ধনৰ পৰা অপৰাধীক জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে যুৱকজনক আদালতলৈ প্ৰেৰণ কৰাৰ পিচত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷