ETV Bharat / state

অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিৰে লুন্ঠনৰাজ অসাধু ব্যৱসায় প্ৰতিষ্ঠানৰ

author img

By

Published : Jun 11, 2021, 1:32 PM IST

আংশিক লক ডাউনৰ সুবিধা গ্ৰহণ কৰি ৰাজ্য একাংশ আলু-পিয়াঁজৰ পাইকাৰী ব্যৱসায়ী প্ৰতিষ্ঠানে অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি কৰিছে আলু-পিয়াঁজৰ মূল্য ৷ খচুৰা ব্যৱসায়ীৰ অভিযোগ মতে চাংসাৰি চকীগেটৰ আলু ব্যৱসায়ী বিনোদ জৈনৰ গুদামে ইচ্ছা মতে অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি কৰিছে আলু পিয়াঁজৰ মূল্য ৷

uncontrolled price rise in baihata etv bharat assam
অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিৰে লুন্ঠনৰাজ অসাধু ব্যৱসায় প্ৰতিষ্ঠানৰ

বাইহাটা, 11 জুন : আলু-পিয়াঁজ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলাকলা খোৱাইছে সাধাৰণ জনতাক ৷ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে আলু-পিয়াঁজৰ মূল্য ৷ ইফালে আংশিক লক ডাউনৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি এক লুন্ঠনৰাজ আৰম্ভ কৰিছে ৷

অভিযোগ অনুসৰি কামৰূপ জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি নিজ ইচ্ছা মতে চাংসাৰি চকীগেটৰ আলু ব্যৱসায়ী বিনোদ জৈনৰ গুদামে অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি কৰিছে আলু পিয়াঁজৰ মূল্য ৷ চাংসাৰী চকীগেটৰ এই গুডামত আলু-পিয়াঁজ পাইকাৰীত বিক্ৰী কৰে এটা দৰত আৰু আৰু খুচুৰা ব্যৱসায়ীক কেচ মেম’ দিয়ে অন্য এটা দৰত ।

ইফালে, আবেদ আলি নামৰ এগৰাকী কামৰূপৰ খুচুৰা ব্যৱসায়ীয়ে বজৰং এণ্ড কোম্পানীৰ পৰা ৪ জুনত ৮ কুইন্টল ৪০ কেজি পিয়াঁজ ক্ৰয় কৰিছিল । কিন্তু অসাধু প্ৰতিষ্ঠানটোৱে খুচৰা ব্যৱসায়ী গৰাকীৰ পৰা কুইন্টলে প্ৰতি ২৫০০ টকা কেচমেম দিয়াৰ বিপৰীতে আদায় লয় ২৮০০ কৈ টকা ।

এই কাৰ্যত ব্যৱসায়ী গৰাকীয়ে প্ৰতিবাদ কৰাৰ পাচতে অসাধু ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে ভাবুকি প্ৰদান কৰে অভিযোগ উত্থাপন কৰিছে আবেদ আলিয়ে ৷ জানিবলৈ দিয়া অনুসৰি ব্যৱসায়ী গৰাকীয়ে এই ঘটনা সন্দৰ্ভত কামৰূপ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও কোনো গুৰুত্ব লাভ কৰা নাই ৷

লগতে পঢ়ক: চিৰদিনলৈ নুমাব নেকি বহৰি সত্ৰৰ ৫৬৮ বছৰীয়া অক্ষয় বন্তি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.