ETV Bharat / state

মহাবিদ্যালয় কৰ্তৃপক্ষৰ মনোমালিন্য : দুই ছাত্ৰ - ছাত্ৰীক নিলম্বন - SFI

ছয়গাঁও মহাবিদ্যালয় কৰ্তৃপক্ষই নিলম্বিত কৰিছে দুজনকৈ ছাত্ৰ - ছাত্ৰীক । 'বেক' বা 75 শতাংশ উপস্থিতি নাথাকিলে ছাত্ৰ - ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰাৰ জাননী জাৰি কৰাৰ পাছতে দুই ছাত্ৰ - ছাত্ৰীয়ে আন্দোলন কৰাৰ পাছতে এই নিলম্বন কৰা হয় ।

ছয়গাঁও মহাবিদ্যালয়ৰ দুই ছাত্ৰ - ছাত্ৰীক নিলম্বন
author img

By

Published : Jul 5, 2019, 9:52 PM IST

ছয়গাঁও, ৫ জুলাই : দৰিদ্ৰ ছাত্ৰ - ছাত্ৰীক বিনাচৰ্তে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ দাবীত আন্দোলন কৰাৰ বাবেই ছয়গাঁও মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ - ছাত্ৰীক মহাবিদ্যালয় কৰ্তৃপক্ষই নিলম্বিত কৰে । মহাবিদ্যালয়ৰ অনুশাসন ভংগ আৰু মহাবিদ্যালয় বিৰোধী কাম কৰাৰ অভিযোগত এই দুই ছাত্ৰ - ছাত্ৰীক বহিস্কাৰ কৰা হয় । 29 মে'ত শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা 'চাৰ্কুলাৰ' অনুসৰি 'বেক' বা 75 শতাংশ উপস্থিতি নাথাকিলে ছাত্ৰ - ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰাৰ জাননী জাৰি কৰিছিল । সেই জাননীৰ বিৰোধিতা কৰিবলৈ গৈ নিলম্বিত হ'ব লগা হ'ল দুই ছাত্ৰ - ছাত্ৰী ক্ৰমে চন্দন দাস আৰু উপাসনা দাস ।

ছয়গাঁও মহাবিদ্যালয়ৰ দুই ছাত্ৰ - ছাত্ৰীক নিলম্বন

এই ঘটনাৰ পাছতে তেওঁলোকে অভিযোগ কৰা অনুসৰি, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে ছাত্ৰ অধিকাৰৰ বাবে কৰা আন্দোলনক মহাবিদ্যালয় বিৰোধী আখ্যা দি কোনো আলোচনা নকৰাকৈ নিলম্বন কৰাৰ বাবে তেওঁলোকৰ শিক্ষাগত জীৱনলৈ ভাবুকি আহিছে । এই ঘটনা সংঘটিত হোৱাৰ পাছতে দুই ছাত্ৰ - ছাত্ৰীৰ কাষত থিয় দিছে এছ এফ আইৰ ৰাজ্যিক কমিটি । দুই ছাত্ৰ - ছাত্ৰীৰ বিৰুদ্ধে থকা অভিযোগ উঠাই নল'লে অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়াৰ হুংকাৰ দিছে এছ এফ আইৰ সদস্য সকলে ।

Intro:দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক বিনাচৰ্তে নামভৰ্তিৰ ব্যৱস্থাৰ দাবীত কৰা আন্দোলনৰ বাবে নিলম্বন ছয় গাঁও মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰক। ছয়গাওঁ মহাবিদ্যালয়ৰ দুই ছাত্ৰ ক্ৰমে চন্দন দাস আৰু উপাসনা দাস। কেৱল ছাত্ৰ ছাত্ৰী সকলৰ বিনাচৰ্তে নামভৰ্তিৰ দাবীত কৰা আন্দোলনৰ বাবেই মহাবিদ্যালয়ৰ অনুশাসন ভংগ আৰু মহাবিদ্যালয় বিৰোধী কাম কৰাৰ অভিযোগত মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয় দুই ছাত্ৰক। 29 মে তাৰিখে শিক্ষা সঞ্চাকালয়ে প্ৰকাশ কৰা চাৰ্কুলাৰ অনুসৰি বেক বা 75 শতাংশ উপস্থিতিৰ চৰ্তৰ নাথাকিলে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰাৰ জাননী জাৰি কৰে । সেই জাননীৰ বিৰোধিতা কৰিবলৈ গৈ নিলম্বিত হব লগা হল এই দুই ছাত্ৰ ছাত্ৰী।

Body:দুই ছাত্ৰই অভিযোগ কৰা অনুসৰি সম্পূৰ্ণ গণতান্ত্ৰিক ভাবে ছাত্ৰ অধিকাৰৰ বাবে কৰা আন্দোলনক মহাবিদ্যালয় বিৰোধী আখ্যা দি কোনো আলোচনা নকৰাকৈ নিলম্বন কৰাৰ বাবে তেওঁ লোকৰ শিক্ষাগত জীৱনলৈ ভাবুকি আনিছে।
Bite:- দুই ছাত্ৰ ছাত্ৰী

Conclusion: এই দুই ছাত্ৰ ছাত্ৰী সকলৰ কাষত থিয় দিছে এতিয়া এছ এফ আই ৰাজ্যিক কমিটিয়ে। তেওঁলোকে দুই ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে থকা অভিযোগ উঠাই নললে অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়াৰ কথা অৱগত কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.