বকো, 25 অক্টোবৰঃ মহাষ্টমীৰ নিশা দুধনৈৰ লেলাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন যুৱক ৷ জানিব পৰা মতে, দুধনৈত পূজা চাই কৃষ্ণাইলৈ উভতি গৈ থকা AS18D 6957 নম্বৰৰ স্ক’ৰপিঅ' বাহনেৰে তীব্ৰ বেগেৰে এখন এল্ট’ আৰু তাৰ পিচতে এম এল ০৮ বি ০৪৮৫ নম্বৰৰ ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ ফলত স্ক’ৰপিঅ'ত থকা দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰতৰভাৱে আহত হৈছে ৷ নিহত দুজন কৃষ্ণাইৰ বিক্ৰম সাহা আৰু শান্তু দে বুলি চিনাক্ত হৈছে ৷ আহত দুজন হৈছে ৰিশৱ গুহ’, বাপন দাস ৷ আহত দুয়োজনৰে অৱস্থা অতি সংকটজনক ৷ ইতিমধ্যে আহত দুয়োজনক গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
![Two persons died in Road Accident At Boko](https://etvbharatimages.akamaized.net/etvbharat/prod-images/boko-roadaccidentonnh17-2510_25102020094058_2510f_1603599058_787.jpg)
লগতে পঢ়ক- কলগাছিয়া চাৰিআলিত পথ দুৰ্ঘটনা