ETV Bharat / state

আৰক্ষীৰ অভিযানত জব্দ অবৈধ মটৰভৰ্তি ট্ৰাক - আমিনগাঁও

অবৈধ সামগ্ৰী সৰবৰাহৰ কৰিডৰত পৰিণত হৈছে কামৰূপ জিলাৰ আমিনগাঁও ৷ আৰক্ষীৰ চকুত ধূলি মাৰি নিতৌ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হয় চোৰাং সামগ্ৰী সৰবৰাহকাৰী ট্ৰাক ৷ শেহতীয়াকৈ আমিনগাঁও আৰক্ষীয়ে জব্দ কৰিছে 500 বেগ অবৈধ মটৰ ভৰ্তি ট্ৰাক ৷

truck seized full of peas kamrup assam etv bharat news
আৰক্ষীৰ অভিযানত জব্দ অবৈধ মটৰভৰ্তি ট্ৰাক
author img

By

Published : Nov 11, 2020, 7:14 PM IST

বাইহাটা,11 নৱেম্বৰ: একপ্ৰকাৰ অবৈধ সামগ্ৰী সৰবৰাহৰ কৰিডৰত পৰিণত হৈছে কামৰূপ জিলাৰ আমিনগাঁও ৷ আৰক্ষীৰ চকুত ধূলি মাৰি নিতৌ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হয় চোৰাং সামগ্ৰী সৰবৰাহকাৰী ট্ৰাক ৷ প্ৰাপ্ত তথ্য অনুসৰি, একাংশ অসাধু ব্যৱসায়ীয়ে ইনলেণ্ড কণ্টেনাৰ ডিপোৰ জৰিয়তে কণ্টেনাৰত ৰে’লযোগে বহিঃৰাজ্যলৈ সৰবৰাহ কৰে বিদেশী তথা একাধিক চোৰাং সামগ্ৰী ৷ এই সম্পৰ্কত আমিনগাঁও আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷

শেহতীয়াকৈ কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই আমিনগাঁৱত বহিঃৰাষ্ট্ৰৰ 500 বেগ মটৰসহ এখন ট্ৰাক জব্দ কৰাত পোহৰলৈ আহে এই ভয়ংকৰ তথ্য ৷ ম্যানমাৰৰ পৰা বৰ্ণিহাট হৈ মহানগৰীৰ মাজেৰে আমিনগাঁৱলৈ আহিছিল প্ৰায় 20 লাখ টকা মূল্যৰ অবৈধ মটৰ ভৰ্তি ট্ৰাকখন ৷ ট্ৰাকখন জব্দ কৰাৰ পাছতে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰে আমিনগাঁও আৰক্ষীয়ে ৷ তদুপৰি সংবাদ মাধ্যমৰ আগত বিষয় সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত থাকে আমিনগাঁও আৰক্ষী ৷ ডব্লিউ বি 57 ডি 6340 নম্বৰৰ জব্দ কৃত ট্ৰাকখনৰ চালক বিপুল শ্বেখক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷

লগতে চাওকঃ ক’ত পোৱা যায় 3000 টকীয়া পাণ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.