ETV Bharat / state

শোকাৱহ পথ দুৰ্ঘটনাঃ ৰে'লৰ খুন্দাত থিতাতে নিহত একেটা পৰিয়ালৰ তিনি সদস্য

author img

By

Published : Sep 20, 2020, 8:23 PM IST

বকোত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা ৷ তীব্ৰবেগী মালবাহী ৰে'লৰ খুন্দাত থিতাতে নিহত একেটা পৰিয়লাৰ তিনি গৰাকী সদস্য ৷ গুৰুতৰভাবে আহত আন এগৰাকী সদস্য ৷

Train Accident In Kamrup District Boko, Three dead, One Injured
বকোত ৰে'লৰ খুন্দাত থিতাতে নিহত একেটা পৰিয়ালৰ তিনি গৰাকী সদস্য

বকো, ২০ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা । বকো আগছিয়াৰ পৰা গৰৈমাৰীলৈ যোৱা পথৰ নদিয়াপাৰাৰ ৰে'ল আলিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । ৰে'ল আলি পাৰ হ'ব লওঁতে তীব্ৰ বেগী মালবাহী ৰে'লে মহতিয়াই নিয়ে এখন চাৰিচকীয়া বাহন ৷ ঘটনাস্থলীত থিতাতে নিহত হয় একেটা পৰিয়ালৰ তিনি গৰাকী সদস্য ৷ লগতে, গুৰুতৰভাবে আহত হয় পৰিয়ালটিৰে আন এগৰাকী সদস্য ৷

তথ্য অনুসৰি, বকোৰ গুৱাহাটী-যোগীঘোপা ৰেলআলি পাৰ হ'ব লওঁতেই এ এছ 01 ডি এফ 8398 নম্বৰৰ চাৰিচকীয়া বাহন এখনক মহতিয়াই নিলে 12369 নং গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখী মালবাহী ৰে'ল এখনে । উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় ছয়গাঁও সমষ্টিৰ হাতিশোলাপাম গাঁৱৰ এটা পৰিয়ালৰে তিনি গৰাকী সদস্য আৰু গুৰুতৰভাবে আহত হয় পৰিয়ালটোৰে আন এগৰাকী সদস্য ৷

মৃত ব্যক্তিসকল ক্ৰমান্বয়ে ড° আব্দুল জলিল (46), পত্নী ছানিয়াৰা পাৰবিন (44), জেষ্ঠ্য কন্যা আফৰিন চুলতানা (12) আৰু গুৰুতৰভাৱে আহত হয় কণিষ্ঠা কন্যা জন্নত ঝোহান চুলতানা (5) ৷

ইফালে, ঘটনা সংঘটিত হোৱাৰ পিচতে স্থানীয় উত্তেজিত ৰাইজে ৰে'ল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰে'ল বিভাগৰ গাফিলতিৰ বাবে এনেকুৱা ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰদান কৰিছে ৰাইজে ৷ আনকি, ইয়াৰ পূৰ্বেও উক্ত অঞ্চলত এনেকুৱা অনুৰূপ ঘটনাৰ বাবে প্ৰাণ দিব লগা হোৱা বুলি উল্লেখ কৰে ৷

আনহাতে, আন একাংশ লোকৰ অভিযোগ অনুসৰি, দক্ষিণ কামৰূপত ৰে'লৱে বিভাগে সংস্থাপন কৰা ৰে'লৱে সুৰংগ সমূহৰ দূৰৱস্থাৰ বাবেই এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে । এনে ধৰণৰ অসুবিধাৰ বাবেই বহু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হোৱা বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : দুৰ্যোগৰ সময়তো হাঁহি বিৰিঙিল চাহ শ্ৰমিকৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.