অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি ৷ আজি 5.34 বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে ৷ ক'ভিডত আক্ৰান্ত হৈ বহু দিনৰ পৰা চিকিৎসাধীন হৈ আছিল তৰুণ গগৈ ৷
চিৰদিনলৈ নিয়তিৰ শীতল কোলাত শুই পৰিল তৰুণ গগৈ...
জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি ৷ সোমবাৰে বিয়লি 5.34 বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে ৷ ক'ভিডত আক্ৰান্ত হৈ বহু দিনৰ পৰা চিকিৎসাধীন হৈ আছিল তৰুণ গগৈ ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে তৰুণ গগৈৰ মৃত্যুৰ সংবাদ ৷ এই কথা তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল তৰুণ গগৈ ৷ 2001-2016 চনলৈ অলংকৃত কৰিছিল অসমৰ মুখ্যমন্ত্ৰীৰ আসন ৷ পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ লোকসভালৈ ছয়বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ গুৱাহাটীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ...
জিএমচিএইচত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
জিএমচিএইচত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এক বিশেষ বিমানেৰে ডুমডুমাৰ পৰা গুৱাহাটীলৈ উৰা মাৰিছিল মুখ্যমন্ত্ৰী সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত আছে প্ৰদান বৰুৱা ৷
অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউ কক্ষত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে বৰ্ষীয়ান ৰাজনীতিক, ৰাজ্যৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কেৱল এগৰাকী সফল মুখ্যমন্ত্ৰীয়ে নহয়, গগৈ আছিল সমকালীন অসমৰ এগৰাকী সফল ৰাজনীতিক, অসমৰ মাটিত জাতীয় কংগ্ৰেছৰ জীৱনী শক্তি ৷
তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত আবেগিক মন্তব্য হাগ্ৰামা মহিলাৰীৰ...
অধিক শোচনীয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য ৷ গগৈৰ স্বাস্থ্যৰ শেহতীয়া খবৰ লাভ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈছে ৰাজ্যৰ প্ৰায়বোৰ কংগ্ৰেছ কৰ্মীৰ উপৰিও শাসনাধিষ্ঠ দলৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো কাৰ্যসূচী সামৰি ডিব্ৰুগড়ৰ পৰা উভতিছে গুৱাহাটীলৈ ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অসুস্থতাক লৈ উদিগ্ন জন্মস্থান ৰঙাজান
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ অসুস্থতাৰ খবৰে উদিগ্ন কৰি তুলিছে তেওঁৰ জন্মস্থান ৰঙাজানবাসীক ৷ সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ৷
বৰ্ধিত কৰ’ণা সংক্ৰমণৰ মাজতে সামগ্ৰিক পৰিস্থিতি পৰ্যৱেক্ষণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
মঙলবাৰে ক’ভিড 19ৰ ভেকচিনৰ বিতৰণ কাৰ্যসূচী সন্দৰ্ভত দিল্লী,হাৰিয়ানা,ৰাজস্থান,মহাৰাষ্ট্ৰ,ছত্ৰিশগড়,পশ্চিম বংগ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীৰে ভাৰ্চুৱেল বৈঠকতো মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷
হাগ্ৰামা যদি দুৰ্নীতিৰ নায়ক, হিমন্ত মহানায়ক : অদীপ ফুকন
বিটিআৰত বলিছে নিৰ্বাচনী প্ৰচাৰৰ জোৰদাৰ বতাহ। সমগ্ৰ বিটিআৰত এতিয়া কেৱল পৰিবৰ্তনৰ জোৱাৰ। হাগ্ৰামা বাহিনীৰ ১৫ বছৰীয়া ৰাজত্ব অৱসান ঘটাবলৈ বিজেপি, ইউপিপিএলকে ধৰি বহু ৰাজনৈতিক শক্তি উঠি-পৰি লাগিছে। বিজেপি-বিপিএফৰ মিত্ৰতা তথা হিমন্ত বিশ্বই হাগ্ৰামাক ১৫ বছৰীয়া শাসন কালত দুৰ্নীতি কৰা বুলি কোৱা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ।
সুখবৰ : পুনৰ কাজিৰঙালৈ আগমন দেশী-বিদেশী পৰ্যটকৰ
কৰ’ণা মহামাৰীৰ মাজতে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটিছে দেশী-বিদেশী পৰ্যটকৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনলৈ এমাহৰ ভিতৰতে মুঠ 13,568 গৰাকী দেশীয় পৰ্যটকৰ লগতে 27 গৰাকী বিদেশী পৰ্যটকৰ আগমণ ঘটিছে ৷ দেওবাৰৰ দিনটোত ৰাষ্ট্ৰীয় উদ্যানখনলৈ 1600 গৰাকী পৰ্যটক অহা বুলি উদ্যান সঞ্চালক পি শিৱ কুমাৰে সদৰি কৰে ৷
আৰম্ভ হৈছে ইউপিপিএলৰ পৰিৱৰ্তন যাত্ৰা
তুংগত বিটিচিৰ নিৰ্বাচনী প্ৰস্তুতি ৷ ভোটাৰ ৰাইজৰ মন আকৃষ্ট কৰিবলৈ এটাৰ পিছত আনটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ সোমবাৰৰ পৰা বিটিচিত আৰম্ভ হৈছে ইউপিপিএল দলৰ পৰিৱৰ্তন যাত্ৰা ৷