মুখ্যমন্ত্ৰীৰ সভাত অখিল গগৈ জিন্দাবাদ ধ্বনি
টেঙাখাত থানত অনুষ্ঠিত হোৱা মৈত্ৰী আঁচনিৰ উদ্বোধনী অনুষ্ঠানত এগৰাকী মহিলাই দিলে অখিল গগৈ জিন্দাবাদ ধ্বনি ৷ অখিল গগৈক বিনা চৰ্তে মুকলি দিলে পুনৰ চৰকাৰ গঠন কৰিব পাৰিব সোণোৱাল চৰকাৰে ৷
বটদ্ৰৱাত পথ দুৰ্ঘটনা:নিহত এজন
বটদ্ৰৱাৰ ৰাইডঙীয়াত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী ৷ নিহত লোকজন ধিং বেচামাৰীৰ আছিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে ।
সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
সংকটজনক অৱস্থাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য। ডাউন-টাউন হাস্পতালৰ ICU ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।
চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য
আৰক্ষী চকীৰ সন্মুখতেই ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটিলে ধন। ব্যৱসায়ীক পথৰ ওপৰতে বগৰাই ধন লৈ উধাও দুৰ্বৃত্ত ।
নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ
নগাঁৱতো আৰম্ভ ক’ভিড টিকাকৰণ । নগাঁৱত দৈনিক দুশজনক কৰা হ'ব টিকাকৰণ ।
উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত অগ্মিকাণ্ড
উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ 'এম ভি অযোধ্যা' নামৰ বিলাসী ফেৰীখনত সংঘটিত হয় এই অগ্নিকাণ্ড ৷
কলিয়াবৰৰ মন্দিৰত গড়ৰ আশ্ৰয়
কলিয়াবৰত গড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড়টো ওলাই অহাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
6 খন জিলাৰ বাবে শোণিতপুৰ পালেহি ক'ভিড ভেকচিন
16 জানুৱাৰীত প্ৰথম পৰ্যায়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়,টাইমছ হাস্পতাল আৰু ঢেকীয়াজুলি চাৰ্কল হেলথ কেন্দ্ৰত ভেকচিন প্ৰদান কৰিব শোণিতপুৰ স্বাস্থ্য বিভাগে ৷
জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলত হেলিকপ্টাৰযোগে ক'ভিড ভেকচিন যোগানৰ ব্যৱস্থা
জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে ক'ভিড ভেকচিন ৷ হেলিকপ্টাৰৰ জৰিয়তে স্বায়িত্ব শাসিত ৰাজ্য খনৰ দূৰ্গম অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হয় এই ভেকচিন সমূহ ৷
চামগুৰিত বন্যহস্তীৰ উপদ্ৰব:নিৰ্বিকাৰ বন বিভাগ
শুকুৰবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মিকিৰহাট শান্তিপুৰত নিশা বন্যহস্তীৰ উপদ্ৰৱ চলাই । অঞ্চলটোৰ মিকিৰহাট শান্তিপুৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰে দুটাকৈ বাসগৃহ ৷