ETV Bharat / state

বৰ্ষাকালীন অধিবেশনত অংশগ্ৰহণ কৰিব নোৱাৰে ৰাজ্যৰ 11 গৰাকী বিধায়কেঃ প্ৰধান সচিব - প্ৰট'কল

সোমবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন । কিন্তু এই অধিবেশনত অংশগ্ৰহণ কৰিব নোৱাৰে 11 গৰাকী বিধায়ক ৷

Tommorow Start Summer Sesson Assembly In Guwhati
বৰ্ষাকালীন অধিবেশনত অংশগ্ৰহণ কৰিব নোৱাৰে ৰাজ্যৰ 11 গৰাকী বিধায়কঃ প্ৰধান সচিব
author img

By

Published : Aug 30, 2020, 8:59 PM IST

গুৱাহাটী, 30 আগষ্ট : ৰাজ্যত ক'ভিড-19 পৰিস্থিতিৰ মাজতে সোমবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন । কিন্তু এই অধিবেশনত ভাগ লব নোৱাৰিব শাসক-বিৰোধী উভয় পক্ষৰ 11 গৰাকী বিধায়কে । কিয়নো তেওঁলোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড-19 ৰ উপস্থিতি ।

ইতিমধ্যে, বিগত সপ্তাহটোত 6 গৰাকীকৈ বিধায়ক ক'ভিড-19 আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিচত পুনৰ 5 গৰাকী বিধায়কৰ শৰীৰত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰাৰ পিচতে এই কথা প্ৰকাশ কৰিছে বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই ।

বৰ্ষাকালীন অধিবেশনত অংশগ্ৰহণ কৰিব নোৱাৰে ৰাজ্যৰ 11 গৰাকী বিধায়কঃ প্ৰধান সচিব

উল্লেখ্য যে, ক'ভিড-19 ত আক্ৰান্ত হোৱা 5 গৰাকী বিধায়ক হ'ল ক্ৰমে, ঋতুপৰ্ণ বৰুৱা, নৰেন সোণোৱাল, আনোৱাৰ হুছেইন লস্কৰ, নজৰুল হক আৰু বীৰভদ্ৰ হাগজেৰ । আনহাতে, বিগত সপ্তাহত ক'ভিড-19 ত আক্ৰান্ত হোৱা 6 গৰাকী বিধায়ক ক্ৰমে, তৰুণ গগৈ, অজন্তা নেওগ, ভাস্কৰ শৰ্মা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুনীন্দ্ৰ দাস আৰু কমলসিং নাৰ্জাৰী । গতিকে এই 11 গৰাকী বিধায়কে বিধানসভাৰ অধিবেশনত ভাগ লব নোৱাৰিব বুলি মন্তব্য প্ৰদান কৰিছে সচিব মৃগেন ডেকাই ।

ইপিনে, ক'ভিড-19 পৰিস্থিতিৰ বাবে অধিবেশনত ক'ভিড-19 ৰ প্ৰট'কল কঠোৰভাবে মানি চলা হ'ব বুলি মন্তব্য কৰি প্ৰধান সচিব গৰাকীয়ে কয় যে, বিধানসভা চৌহদত প্ৰবেশৰ পূৰ্বে সকলো সদস্যৰ লগতে বিষয়া আৰু সাংবাদিকৰো ক'ভিড-19 পৰীক্ষা কৰোৱা হ'ব ।

উল্লেখ্য যে, বিধানসভাৰ দৈনিক কাৰ্যক্ৰমণিকা চলিব 50 শতাংশ বিধায়কৰ উপস্থিতিত ৷

লগতে পঢ়ক : পলাশবাৰীত বৈছে নিৰ্বাচনৰ গৰম বতাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.