ETV Bharat / state

ৰঙিয়াত পানীত পৰি তিনি বছৰীয়া শিশুৰ কৰুণ মৃত্যু

author img

By

Published : Nov 26, 2020, 7:21 PM IST

ৰঙিয়াৰ বনগাঁৱত পানীত পৰি তিনি বছৰীয়া শিশুৰ কৰুণ মৃত্যু ৷ ঘৰৰ কাষৰে পুখুৰীত উদ্ধাৰ ইফৰাণ জামান নামৰ শিশুটিৰ মৃতদেহ ৷

ইফৰাণ জামান নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ পুখুৰীত
ৰঙিয়াত পানীত পৰি তিনি বছৰীয়া শিশুৰ কৰুণ মৃত্যু

কামৰূপ, 26 নৱেম্বৰ : ৰঙিয়াৰ বনগাঁৱত তিনি বছৰীয়া শিশুৰ সলিল সমাধি । ঘৰৰ কাষৰে পুখুৰীত পৰি ইফৰাণ জামান নামৰ শিশুটিৰ মৃত্যু হয় । পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ।

ঘটনাৰ বিৱৰণী অনুসৰি, শিশুটি সন্ধানহীন হোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে । কিছু সময় পাচত নিজ গৃহৰ চৌহদত থকা পুখুৰীত শিশুটি ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় । লগে লগে শিশুটিক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । এই মৰ্মান্তিক ঘটনাই সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : লেপেটকটাৰ পথ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.