ছয়গাঁও ৯ জুন : ছয়গাঁৱত আৰক্ষীয়ে আটক কৰিছে তিনিজন জালনোট ব্যৱসায়ী ৷ ছয়গাঁও ঔগুৰী পথত এক গোপন অভিযানত তিনিজন জালনোট ব্যৱসায়ীক আটক কৰাৰ লগতে লোক তিনিজনে ব্যৱহাৰ কৰা এখন ওৱাগনাৰ আৰু এখন মটৰ চাইকেলসহ ছটা ম'বাইল আৰু এটা নোটৰ বান্দিল জব্দ কৰে ৷ জানিব পৰামতে ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱত এটা জাল নোট ব্যৱসায়ী চক্ৰ সোমোৱাৰ তথ্য লাভ কৰিছিল । গোপন তথ্যৰ ভিত্তিত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অসামৰিক পোচাকত ছয়গাঁৱৰ ঔগুৰী চ’কত চোপ লৈ আছিল। সন্ধিয়া জালনোট ব্যৱসায়ী কেইজনে কোনোবা গ্ৰাহকৰ ওচৰলৈ অহাৰ সময়তেই আৰক্ষীৰ দলটোৱে হাতে লোটে আটক কৰে ৷
![fake currency smuggler arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7550578_pd.jpg)
জানিব পৰামতে এই তিনিজনে কোনোবা লোকক তিনি লাখ টকাৰ বিনিময়ত ছয় লাখ জাল নোট দিবলৈ আহিছিল ৷ কিন্তু জাল নোট কিনিবলৈ অহা লোকৰ সন্ধান এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই ৷ অৱশ্যে আৰক্ষীয়ে জব্দ কৰা তিনিলাখ টকাৰ বান্দিলটোতো আছিল জাল। বান্দিলটোৰ দুয়োফালে ৫০০ টকীয়া নোট ৫ খনকৈ থকাৰ বিপৰীতে বান্দিলটোৰ ভিতৰত আছে কেৱল কাগজ ।
![fake currency smuggler arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7550578_hf.jpg)
বৰ্তমান ছয়গাঁও আৰক্ষী থানাৰ লক্ আপত থকা লোককেইজন হৈছে বকো আগছিয়াৰ চামছুল আলী , জিয়াউৰ ৰহমান আৰু ছয়গাঁও ঢেকেনাবৰীৰ আৰফান খান ৷ আনহাতে জব্দ কৰা ওৱাগেনাৰ খনৰ নম্বৰ হ’ল এ এছ ০১ বি পি ৮৩৪৬ আৰু মটৰ চাইকেল খনৰ নম্বৰ হ’ল এ এছ ০১ টি এম ২৬৯৭ ৷ ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : মৃত্যুমুখী যাত্ৰা যোৰহাটৰ চৰকাৰী বিদ্যালয়ৰ