ETV Bharat / state

ৰঙিয়া থানাৰ সমীপতে সংঘটিত হ’ল চুৰি কাণ্ড

পুৱতি নিশা ৰঙিয়া থানাৰ ওচৰৰ এখন মোবাইল দোকানৰ মুধচৰ টিং ভাঙি চোৰে সংঘটিত কৰে চুৰি কাৰ্য । নিশা ৰঙিয়া থানাৰ ওচৰৰ এখন মোবাইল দোকানৰ মুধচৰ টিং ভাঙি প্ৰায় ২৫ টা মোবাইল ফোন লুটি নিলে চোৰে ।

thief at rangia
ৰঙিয়াত মোবাইল দোকানৰ মুধচৰ টিং ভাঙি সংঘটিত চুৰি কাণ্ড
author img

By

Published : May 20, 2021, 10:22 PM IST

ৰঙিয়া, 20 মে’ : ৰঙিয়াত সান্ধ্য আইনৰ মাজতেই চোৰৰ তাণ্ডৱ ৷ পুৱতি নিশা ৰঙিয়া থানাৰ ওচৰৰ এখন মোবাইল দোকানৰ মুধচৰ টিং ভাঙি সংঘটিত কৰে চুৰি কাৰ্য । মেৰামতি কৰিব দিয়া মোবাইল সমূহ লৈ চোৰে চলালে চাফাই অভিযান । গ্ৰাহকে মেৰামতি কৰিবলৈ দিয়া প্ৰায় ২৫ টা মোবাইল ফোন লুটি নিলে চোৰে ।

আনহাতে, ঘটনাৰ সন্দৰ্ভত ৰঙিয়া থানাত দোকানৰ গৰাকী প্ৰণৱ বৰ্মনে গোচৰ দিয়ে । নিশাৰ ভাগত আৰক্ষীৰ পেট্ৰলিঙৰ ব্যৱস্থা থকাৰ পিছতো এনেদৰে চুৰি কাৰ্য সংঘটিত হোৱাত ব্যৱসায়ীসকল ক্ষুব্ধ হৈ পৰিছে ।

ৰঙিয়া থানাৰ সমীপৰ মোবাইল দোকানত সংঘটিত চুৰি কাণ্ড

উল্লেখ্য যে, মোবাইল দোকানৰ পৰা কেইবা লক্ষাধিক টকাৰ মোবাইল ফোন লুটি নিয়া বুলি জানিবলৈ দিয়ে দোকানৰ গৰাকী প্ৰণৱ বৰ্মণে । ৰঙিয়া থানাৰ সমীপতে এনেদৰে ব্যৱসায়িক প্ৰতিষ্ঠান চুৰি হোৱাত আৰক্ষীৰ ফোঁপোলা স্বৰূপ ওলাই পৰা বুলি ব্যৱসায়ীসকলে ক্ষোভ প্ৰকাশ কৰে । ইয়াৰ লগতে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে চুৰি কাৰ্য্যত জড়িত অপৰাধীক আটক কৰাৰ দাবী জনালে দোকানৰ স্বত্বাধিকাৰীয়ে ।

লগতে পঢ়ক : ড্ৰাগছ, গাঞ্জা মদৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অবিৰত অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.