ETV Bharat / state

বিধায়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সাধাৰণ ৰাইজ

author img

By

Published : Sep 22, 2020, 10:49 PM IST

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টি আৰু পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ সীমামূৰীয়া গোঁসাইহাত অঞ্চলৰ ৰাণীৰ পৰা গোঁসাইহাত তিনিআলি হৈ মিৰ্জালৈ যোৱা বিধ্বস্ত পথে বছৰ-বছৰ ধৰি জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ কিন্তু এইক্ষেত্ৰত কোনো ধৰণৰ কাণসাৰ নাই পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰীৰ বিজেপি বিধায়ক প্ৰণৱ কলিতাৰ ৷ দুয়োগৰাকী বিধায়কৰ কুম্ভকৰ্ণ নিদ্ৰাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

The general public took to the streets against the MLA
বিধায়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সাধাৰণ ৰাইজ

আজাৰা,22 ছেপ্তেম্বৰঃ ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ ৷ কিন্তু নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত এতিয়া ক্ৰমাৎ যেন ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ কাৰণ যোৱা পাঁচটা বছৰেই সমষ্টিবাসীয়ে দেখা নাই উন্নয়নৰ মুখ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টি আৰু পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ সীমামূৰীয়া গোঁসাইহাত অঞ্চলত ৷ ৰাণীৰ পৰা গোঁসাইহাত তিনিআলি হৈ মিৰ্জালৈ যোৱা বিধ্বস্ত পথে বছৰ-বছৰ ধৰি জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ কাণসাৰ নাই পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰীৰ বিজেপি বিধায়ক প্ৰণৱ কলিতাৰ ৷ দুয়োগৰাকী বিধায়কৰ কুম্ভকৰ্ণ নিদ্ৰাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

তদুপৰি, বিধ্বস্ত পথচোৱাৰে দৈনিক শ শ ট্ৰাক-ডাম্পাৰৰ দৌৰাত্মৰ ফলত সমগ্ৰ পথচোৱাৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ৷ ইপিনে এই সন্দৰ্ভত ৰাইজে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো বিধায়কদ্বয় অথবা গড়কাপ্তানি বিভাগে দিয়া নাই কোনোধৰণৰ গুৰুত্ব ৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ৰাজপথলৈ ওলাই আহিল সাধাৰণ ৰাইজ ৷ বিধ্বস্ত পথেৰে চলাচল কৰি থকা ট্ৰাক-ডাম্পাৰৰ চলাচল বন্ধ কৰি দুয়োগৰাকী বিধায়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৰাইজে ৷ বিগত সময়ছোৱাত প্ৰকৃতাৰ্থত গ্ৰাম্যঞ্চলত উন্নয়নৰ নামত যে চৰকাৰখনে কেৱল ঢাক-ঢোল বজাই আছে তাৰেই জলন্ত উদাহৰণ পুনৰবাৰ পোহৰলৈ আহিল ৷ আগন্তুক নিৰ্বাচনত দুয়োগৰাকী বিধায়ককে এসেকা দিবলৈও সাজু বুলি হুংকাৰ দিয়ে ৰাইজে ৷

লগতে পঢ়কঃবিশ্ব গঁড় দিৱস ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.