বাইহাটা,13আগষ্টঃ অসমৰ সম্পদক অপমান কৰা বাবে অসমৰ ইতিহাসত কংগ্ৰেছ দলক কোনেও ক্ষমা নকৰিব ৷ বাইহাটা চাৰিআলিৰ পুঠিমাৰিত এক অনুষ্ঠানত উপস্থিত হৈ জুবিন গাৰ্গক আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ ইয়াৰ উপৰি সাংসদগৰাকীয়ে কয় যে, জুবিন গাৰ্গক আক্ৰমণ কৰাৰ ঘটনাত যিগৰাকী হীৰকজ্যোতি ৰাজবংশী নামৰ লোক জড়িত হৈ আছে তেওঁ NSUI ৰ কামৰূপ জিলাৰ উপ-সভাপতি ৷ সেয়ে এই ঘটনাত কংগ্ৰেছ দল জড়িত হৈ আছে । আনহাতে জুবিন গাৰ্গক আক্ৰমণ কৰা বাবে কংগ্ৰেছ দলে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলিও উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই ৷
উল্লেখযোগ্য যে, বুধবাৰে নিশা ষ্টুডিঅ’ৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ সময়ত গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত হাৰ্টৰ্থ্ৰৱ জুবিন গাৰ্গৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলাইছিল অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে ৷