ৰঙিয়া,16 জুন : বিহুৰ সাংস্কৃতিক অনুষ্ঠান, বিয়া-সবাহকে ধৰি বিভিন্ন অনুষ্ঠানত ৰভা, চকী, মেজ, পোহৰৰ সৰঞ্জাম, মিউজিক আদিৰ লগতে ৰান্ধনীশালৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী যোগান ধৰা টেণ্ট হাউছৰ মালিক(tent house owners)কৰ্মচাৰীৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
বহাগ আৰু জেঠ মাহৰ সময়চোৱাত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বাবে এই কেইমাহতে দিনে নিশাই পেণ্ডেলৰ কাম কৰি দুপইচা উপাৰ্জন কৰে পেণ্ডেলৰ গৰাকী আৰু সহায়কসকলে । কিন্তু যোৱাটো বৰ্ষৰ লকডাউনৰ পিছত এইবেলি পুনৰ আংশিক লকডাউন(mini lockdown)ৰ বাবে অনুষ্ঠিত হোৱা নাই কোনোধৰণৰ অনুষ্ঠান । যাৰ বাবে এতিয়া টেণ্ট হাউচৰ গৰাকী আৰু কৰ্মচাৰীসকলৰ জীৱিকালৈ গভীৰ সংকট নামি আহিছে ।
সমগ্ৰ অসমতেই চৰকাৰী ভাৱে স্বীকৃতি প্ৰাপ্ত টেণ্ট হাউচ(government approved tent houses) আছে প্ৰায় চল্লিশ হাজাৰ। এই চল্লিশ হাজাৰ টেণ্ট হাউচৰ লগত জড়িত হৈ থকা কেইবা লক্ষাধিক লোকৰ অৱস্থা বৰ্তমান শোচনীয় ৷ যোৱাটো বৰ্ষৰ দীৰ্ঘদিনীয়া লকডাউনৰ পিছত প্ৰায়সংখ্যক টেণ্ট হাউছৰ মালিকেই লক্ষাধিক টকাৰ ঋণ লৈ বাঁহ কাপোৰ আদিৰ লগতে অন্যান্য সামগ্ৰী ক্ৰয় কৰিছিল । কিন্তু, পুনৰাই ক'ভিডৰ বাবে জাৰি হোৱা আংশিক লকডাউনৰ পিছত এতিয়া সেই সকলোবোৰ সামগ্ৰী ঘৰতেই নষ্ট হোৱাৰ উপক্ৰম হৈছে ।
লকডাউনৰ সময়ত প্ৰায় এটা বছৰ ঘৰতে বহি থকাৰ পিছত এইবছৰ পুনৰাই কৰ্মহীন হৈ পৰা এইসকল লোকৰ পৰিয়াল পোহপাল দিয়াত ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ ব্যৱসায়টোৰ লগত জড়িত উপায়হীন লোক সকলে বৰ্তমান চৰকাৰৰ ওচৰত পৰিয়াল পোহপাল দিব পৰাকৈ সহায় বিচাৰি জনাইছে আবেদন ।
লগতে পঢ়ক :দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী