ETV Bharat / state

এখন ৰেলগেটক লৈ দুৰ্ভোগ ৰঙিয়াবাসীৰ

ৰঙিয়া-বালিসত্ৰ-ডিমু পথত থকা এটা ৰেল গেটৰ বাবে যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷ ৰেলগেট বন্ধ হৈ থকাৰ ফলত বহুসময়ত 108 জৰুৰী এম্বুলেন্স সেৱাও আবদ্ধ হৈ পৰা দেখা যায় ৷ ইয়াৰোপৰি কলেজ চ'কত থকা এই গেটখনেৰে ৰঙিয়াক বহিঃৰাজ‍্য আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগত সংযোগ কৰা প্ৰায় প্ৰতিখন ৰেলেই অহা যোৱা কৰে । ফলত দিনৰ যিকোনো সময়তেই বন্ধ হৈ পৰা গেটটোৰ বাবে ৰাইজে ভোগ কৰিবলগীয় হৈছে যথেষ্ট অসুবিধাৰ ।

Tension creat a rail crossing area at Rangiya
এটা ৰেলেগেটক লৈ দুৰ্ভোগ ৰঙিয়াবাসীৰ
author img

By

Published : Feb 12, 2020, 2:14 PM IST

ৰঙিয়া, 12 ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ এখন ৰেল গেটে দুৰ্ভোগ ভোগাইছে ৰাইজক ৷ ৰঙিয়া-বালিসত্ৰ-ডিমু পথত থকা এটা ৰেল গেটৰ বাবে যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷ উক্ত ৰেল গেটখনৰ ওচৰতে থকা ৰঙিয়া মহাবিদ্যালয় তথা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত অহা-যোৱা কৰাসকলৰ বাবে হৈ পৰিছে যমৰ যন্ত্ৰণা ৷ ৰেলগেট বন্ধ হৈ থকাৰ ফলত বহুসময়ত 108 জৰুৰী এম্বুলেন্স সেৱাও আবদ্ধ হৈ পৰা দেখা যায় ৷ ইয়াৰোপৰি কলেজ চ'কত থকা এই গেটখনেৰে ৰঙিয়াক বহিঃৰাজ‍্য আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগত সংযোগ কৰা প্ৰায় প্ৰতিখন ৰেলেই অহা যোৱা কৰে । ফলত দিনৰ যিকোনো সময়তেই বন্ধ হৈ পৰা গেটখনৰ বাবে ৰাইজে ভোগ কৰিবলগীয় হৈছে যথেষ্ট অসুবিধাৰ ।

এটা ৰেলেগেটক লৈ দুৰ্ভোগ ৰঙিয়াবাসীৰ

উল্লেখ্য যে ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, উক্ত ঠাইখিনিত এখন ফ্লাই অ’ভাৰ নিৰ্মাণ কৰা ৷ ফ্লাই অ’ভাৰৰ বাবে ইতিমধ্যে ৰেল বিভাগে আধা অংশ ধন মুকলি কৰি দিয়াৰ লগতে যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰিছে যদিও ৰাজ‍্য চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ যাৰ ফলত ফ্লাই অ’ভাৰ নিৰ্মাণৰ কামটো পিছ পৰি ৰৈছে । ৰাইজৰ লগতে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে দাবী জনাইছে যে সোনকালে ফ্লাই অ’ভাৰৰ নিৰ্মানৰ কাম সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিব লাগে ৷

আৰু পঢ়কঃএভাৰেষ্টৰ দৰে পৰ্বতসম বাধা আহিলেও অতিক্ৰম কৰি আগুৱাই যাব লাগিবঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.