ETV Bharat / state

ৰঙিয়াৰ চেপ্তিত বানত সন্ধানহীন জুমন দাসৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 21, 2022, 4:02 PM IST

দেওবাৰে চেপ্তিত বানত উটি গৈছিল দুই কিশোৰ(2 Boys Swept Away by Flood Waters in Rangia) । দুই কিশোৰ বানত উটি যোৱাৰ দৃশ্য আবদ্ধ হৈছিল লগৰীয়াৰ ম’বাইল কেমেৰাত । সোমবাৰে সন্ধানহীন হৈ থকা হিমাংশু দাস নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰৰ পিছতেই মঙলবাৰে উদ্ধাৰ হ'ল জুমন দাস নামৰ আনজন কিশোৰৰ মৃতদেহ ৷

teenagers-body-has-been-recovered-who-drowned-in-floods-at-rangia
ৰঙিয়াৰ চেপ্তিত সন্ধানহীন হোৱা জুমন দাসৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়া, 21 জুন : বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈছে ৰাজ্যৰ কেইবাখনো জিলা (Districts of Assam under water)৷ সমান্তৰালভাবে ৰঙিয়াতো অব্যাহত আছে বানৰ তাণ্ডৱ(Flood at Rangia) ৷ বানাক্ৰান্ত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

এনে পৰিস্থিতিৰ মাজতে দেওবাৰে ৰঙিয়াত সংঘটিত হয় এক ভয়াৱহ ঘটনা ৷ ৰঙিয়াৰ চেপ্তিত বানত উটি গৈছিল দুই কিশোৰ ৷ বানত উটি যোৱা হিমাংশু দাস নামৰ এজন কিশোৰৰ মৃতদেহ সোমবাৰে উদ্ধাৰ কৰা হয় হয় যদিও আনজন যুৱক জুমন দাসৰ সন্ধান পোৱা নাছিল উদ্ধাৰকাৰী দলে । অৱশেষত সন্ধানহীন হৈ থকা জুমন দাস নামৰ কিশোৰজনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে ৷

উল্লেখ্য যে, দেওবাৰে চাৰি সমনীয়া বন্ধুৱে মোবাইলেৰে ভিডি'অ কৰি বানৰ মাজত Vlog বনাই আছিল । সেই সময়তে বানৰ প্ৰৱল সোঁতে উটুৱাই নিছিল দুই কিশোৰক(2 Boys Swept Away by Flood Waters in Rangia) । এই উটি যোৱা কিশোৰ দুজন আছিল প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা ৰঙিয়াৰ মহখুলিৰ হেমেন দাসৰ পুত্ৰ হিমাংশু দাস (১৫) লগতে একেখন বিদ্যালয়ৰে ছাত্ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা চাপনীয়াৰ সতীশ দাসৰ পুত্ৰ জুমন দাস (১৫) ।

অৱশেষত দুদিনৰ অন্তত গোৰেশ্বৰ শিখৰ এডভাঞ্চাৰ ক্লাৱ আৰু বগামাটি গ্ৰীণ টেক এডভেঞ্চাৰ, SSB আৰু SDRF বাহিনীয়ে সোমবাৰে হিমাংশু দাসৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । ইফালে, তিনি দিন ধৰি অভিযান অব্যাহত ৰখাৰ পিছত উদ্ধাৰ হয় জুমন দাসৰো মৃতদেহ(Teenagers body has been recovered at Rangia) ৷ এই ঘটনাৰ পাছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক : ৰঙিয়াত বাঢ়নী পানীয়ে উটুৱাই নিলে দুজন কিশোৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.