ছয়গাঁও, 27 নৱেম্বৰঃ শিক্ষকতাৰ পবিত্ৰ বৃত্তিত কলংক সানি চুৰিকাণ্ডত লিপ্ত হৈ পৰা শিক্ষকক গ্ৰেপ্তাৰ কৰে কামৰূপ আৰক্ষীয়ে ৷ ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত বৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুচ শুকুৰক মঙলবাৰে নিশা এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে কামৰূপ জিলাৰ উপ-আৰক্ষী অধীক্ষক কল্যান পাঠকে ৷
লগতে পঢ়কঃ 28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন
প্ৰধান শিক্ষকগৰাকী চাউল চুৰিৰ জামিনবিহীন গোচৰত অভিযুক্ত হোৱাৰ পিচতো মুকলিভাৱে ঘুৰা ফুৰা কৰি থকাৰ লগতে বিদ্যালয়ত পাঠদান কৰি আছিল ৷ বিগত তিনিমাহ ধৰি আৰক্ষীৰ দৃষ্টিত পলাতক হৈ থকা শিক্ষকগৰাকীৰ আৰক্ষীৰ সৈতে গোপন বুজাবুজি থকাৰ কথা সংবাদ মাধ্যমত তথ্য-সহকাৰে সম্প্ৰচাৰ হৈছিল ৷ তিনিমাহ পূৰ্বেই চাউল চুৰিৰ গোচৰত অভিযুক্ত হৈছিল অভিযুক্ত প্ৰধান শিক্ষকগৰাকী ৷ ছয়গাঁও আৰক্ষী থানাত গোচৰ নং ৮৫৭ আৰু ৩৭৪/৪১১/৪২০ ধাৰাত জামিনবিহীন গোচৰত অভিযুক্ত হৈছিল প্ৰধান শিক্ষক আব্দুচ শুকুৰ ৷ প্ৰধান শিক্ষকগৰাকীয়ে আদালতত দুবাৰকৈ জামিন আবেদন দাখিল কৰিও জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ অৱশেষত কামৰূপ জিলাৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকে মঙলবাৰে নিশা গৰৈমাৰী পুখুৰীপাৰস্থিত নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষকগৰাকীক ৷