ETV Bharat / state

Teacher arrested: ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শিক্ষক - Teacher accused of sexual harassment in Rangia

যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ লম্পট শিক্ষক(Teacher arrested) । ৰঙিয়াৰ পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলৰ সহকাৰী শিক্ষক বিনোদ কুমাৰ গোস্বামীৰ বিৰুদ্ধে বিদ্যালয় চৌহদত এগৰাকী ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ ৷ গোস্বামীৰ বিৰুদ্ধে পূৰ্বেও এনে অভিযোগ উত্থাপন হৈছিল(Teacher accused of sexual harassment in Rangia) ।

Teacher arrested for sexual assaulting student
ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শিক্ষক
author img

By

Published : Oct 17, 2022, 7:57 PM IST

ৰঙিয়া,১৭ অক্টোবৰ: পুনৰ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে ৰঙিয়াৰ এগৰাকী শিক্ষকে । ৰঙিয়াৰ পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলৰ সহকাৰী শিক্ষক বিনোদ কুমাৰ গোস্বামীক এগৰাকী ছাত্ৰীক বিদ্যালয় চৌহদত যৌন আতিশয্য চলোৱাৰ অভিযোগত সোমবাৰে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Teacher arrested for sexual assaulting student) । বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে যোৱা ১৩ অক্টোবৰত ৰঙিয়াৰ পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলত দুপৰীয়া মধ্যাহ্ন ভোজন চলি থকাৰ সময়ত লম্পট শিক্ষকগৰাকীয়ে ছাত্ৰী গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল(Teacher accused of sexual harassment in Rangia) । শিক্ষকগৰাকীৰ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাৰ পিছত কৌশলেৰে অভিযুক্ত শিক্ষকজনে পলায়ন কৰি আছিল । ইফালে পলায়ন কৰি থকা অভিযুক্ত শিক্ষক বিনোদ গোস্বামীক সোমবাৰে নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক লিখিতভাৱে বিষয়টো অৱগত কৰোৱাত পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই তাৎক্ষণিকভাৱে শিক্ষক বিনোদ গোস্বামীক নিলম্বন কৰে । কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে যোৱা ১৫ অক্টোবৰত এক নিৰ্দেশৰ জৰিয়তে উক্ত শিক্ষকগৰাকীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে(Teacher suspended for sexual harassment) ।

তদুপৰি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা এই সম্পৰ্কত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি হৈছিল যদিও অভিযোগ উত্থাপিত হোৱা শিক্ষকগৰাকীয়ে এতিয়ালৈকে ইয়াৰ উত্তৰ দিয়া নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষকগৰাকীক কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে আসাম চাৰ্ভিচেচ (ডিচিপ্লিন এণ্ড এপিল) ৰুল, ১৯৬৪ৰ ভিত্তিত ১৫ অক্টোবৰত এক আদেশৰ জৰিয়তে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ জাৰি কৰে ।

উল্লেখযোগ্য যে, ২০১৬ চনত বাৰাংহাটী দৌলপুখুৰীপাৰ হাইস্কুলত কৰ্মত অৱস্থাত থকাৰ সময়তো এইজন শিক্ষকে এগৰাকী ছাত্ৰীৰ লগত ঠিক একে ঘটনা সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছিল । যাৰবাবে শিক্ষা বিভাগে শিক্ষক বিনোদ গোস্বামীক পূৰ্বেও চাকৰিৰ পৰা নিলম্বন কৰিছিল ।

লগতে পঢ়ক: AICC President Election 2022: AICC সভাপতি পদৰ বাবে ৰাজীৱ ভৱনত সৰ্বমুৰ্বঠ 97 শতাংশ ভোটদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.