ETV Bharat / state

ৰাজপথৰ পৰাই দুৰ্বৃত্তই হাইজেক কৰিলে চাহপাত ভৰ্তি ট্ৰাক

গোলাঘাট ৰোডৱেইজৰ অধীনত থকা জয় হিন্দ ৰোডৱেইজে গোলাঘাটৰ পৰা গুৱাহাটীলৈ এখন ট্ৰাকত সৰবৰাহ কৰিছিল প্ৰায় ৪৫০ বেগ চাহপাত । গুৱাহাটীৰ লাখটকীয়াৰ পি এম কৰ্পোৰেচনলৈ আনি থকা ২৪ লাখ টকা মূল্যৰ চাহপাত খিনি মহানগৰীত প্ৰবেশৰ পূৰ্বেই কৰা হয় হাইজেক ।

author img

By

Published : Sep 17, 2020, 11:14 AM IST

Tea Truck Hijacked in National highway
ৰাজপথৰ পৰাই দুৰ্বৃত্তই হাইজেক কৰিলে চাহপাত ভৰ্তি ট্ৰাক

বাইহাটা,17ছেপ্তেম্বৰঃ অসম আৰক্ষীক কেৰেপ নকৰি ঘাইপথত দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত ইখনৰ পিছত আনখন ট্ৰাকৰ হাইজেক কৰাৰ ঘটনা ৷ এইবাৰ দুৰ্বৃত্তৰ শেন চকু পৰিল চাহপাত ভৰ্তি এখন ট্ৰাকত ৷

জানিব পৰা মতে, গোলাঘাট ৰোডৱেইজৰ অধীনত থকা জয় হিন্দ ৰোডৱেইজে গোলাঘাটৰ পৰা গুৱাহাটীলৈ ট্ৰাকখনত সৰবৰাহ কৰি আনিছিল প্ৰায় ৪৫০ বেগ চাহপাত । গুৱাহাটীৰ লাখটকীয়াৰ পি এম কৰ্পোৰেচনলৈ আনি থকা ২৪ লাখ টকা মূল্যৰ চাহপাতখিনি মহানগৰীত প্ৰবেশ কৰাৰ পূৰ্বেই কৰা হয় হাইজেক । চালকৰ হাত-ভৰি, মুখ বান্ধি হাইজেক কৰা ট্ৰাকখনৰ পৰা অধিক সংখ্যক চাহপাত লৈ উধাও হয় দুৰ্বৃত্তৰ দল । ইপিনে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে কামৰূপৰ গৌৰীপুৰত এ এচ ২৫ বি চি ৯৩৭৩ নম্বৰৰ এই ট্ৰাকখন কেইবস্তামান চাহপাত সহ পৰিতক্ত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে চালককো উদ্ধাৰ কৰে ট্ৰাকৰ ভিতৰৰ পৰা

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যহত ৰখাৰ লগতে সোধাপোচাৰ বাবে আটক কৰিছে ট্ৰাক চালক আটোৱাৰ আলিক ৷

আৰক্ষীৰ চোকা পহৰাৰ পিছতো দুৰ্বৃত্তই কেনেদৰে ৰাজপথত ইখনৰ পিছত আনখন ট্ৰাক হাইজেক কৰিবলৈ সক্ষম হৈছে ? সেইয়া বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন !

লগতে পঢ়কঃ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.