ETV Bharat / state

কংগ্ৰেছ এআইইউডিএফ মিত্ৰতা সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া - বৰঝাৰ বিমানবন্দৰত তৰুণ গগৈ

এআইিউডিএফ আৰু কংগ্ৰেছৰ বুজাবুজি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, কংগ্ৰেছে বৰ্তমানলৈকে মিত্ৰতা সন্দৰ্ভত কোনো দলৰ লগতেই আলোচনাত মিলিত হোৱা নাই ৷ আনহাতে, ৰাজ্যসভাত আসনৰ বাবে এআইইউডিএফৰে বুজাবুজিৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুণ বৰাই আলোচনা কৰিব পাৰে বুলি মন্তব্য তৰুণ গগৈৰ ৷

Tarun Gogoi reaction on Congress AIUDF qualition
কংগ্ৰেছ এআইইউডিএফ মিত্ৰতা সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া
author img

By

Published : Feb 26, 2020, 5:12 PM IST

দক্ষিণ কামৰূপ,26 ফেব্ৰুৱাৰীঃ বুধবাৰে দুপৰীয়া দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ বিমান বন্দৰত এআইইউডিএফ আৰু কংগ্ৰেছৰ বুজাবুজি সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে বৰ্তমানলৈকে মিত্ৰতা সন্দৰ্ভত কোনো দলৰ লগতেই আলোচনাত মিলিত হোৱা নাই ৷

কংগ্ৰেছ এআইইউডিএফ মিত্ৰতা সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

আনহাতে, ৰাজ্যসভাত আসনৰ বাবে এআইইউডিএফৰে বুজাবুজিৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুণ বৰাই আলোচনা কৰিব পাৰে বুলি মন্তব্য তৰুণ গগৈৰ ৷ পূৰ্বে বদৰুদ্দিন আজমলক কৰা সমালোচনা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, যেতিয়া তেখেতে সমালোচনা কৰিছিল সেই সময়ত বদৰুদ্দিন আজমল এগৰাকী পঞ্চায়ত প্ৰতিনিধিও হোৱা নাছিল ৷ কিন্তু বৰ্তমান সময়ত আজমল এগৰাকী সাংসদ যাৰ বাবে এতিয়া তেখেতক সমালোচনা কৰা সম্ভৱ নহয় ৷

উল্লেখ্য যে, শাসকীয় বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ বিজেপি দলে শাসনভাৰ চলোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি মন্তব্য তৰুণ গগৈৰ ৷ সেয়েহে আগন্তুক নিৰ্বাচনত জাতি ৰক্ষাৰ স্বাৰ্থত ‘কা’ সমৰ্থনকাৰী শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে থিয় দিয়া প্ৰতিটো ৰাজনৈতিক দল অথবা তেঁওলোকৰ মাজত হোৱা মহামিত্ৰজোঁটক তেখেতে সদায় সমৰ্থন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক-আজি মণিৰাম দেৱানৰ মৃত্যু দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.