গুৱাহাটী, 6 জুনঃ তেজপুৰ আৰু যোৰহাট সংসদীয় সমষ্টিৰ পৰা বিজয়ী হৈ অহা বিজেপিৰ দুই সাংসদ পল্লৱ লোচন দাস আৰু তপন কুমাৰ গগৈয়ে এতিয়াই ত্যাগ নকৰে মন্ত্ৰীৰ পদ ! পল্লৱ লোচন দাসে ইতিমধ্যে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পাচত বৃহস্পতিবাৰে তপন গগৈয়েও বিধায়ক পদ ত্যাগ কৰে। কিন্তু বিধায়ক পদ এৰিলেও এই দুজনৰ এজনেও বৰ্তমানলৈকে ত্যাগ কৰা নাই মন্ত্ৰীত্ব । উল্লেখ্য যে, তপন গগৈয়ে শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ লগতে গড়কাপ্তানি বিভাগৰো ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। একেদৰে পল্লৱ লোচন দাসৰ ওপৰতো ন্যস্ত আছে ৰাজ্যিক শিক্ষা মন্ত্ৰীৰ দায়িত্ব ।
সাংবিধানিক ব্যৱস্থাৰ সুযোগ লৈয়ে এই দুই নৱ নিৰ্বাচিত সাংসদে আৰু দুদিনমানলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব বিচাৰিছে বুলি উত্থাপিত হৈছে অভিযোগ । এই পৰ্যন্ত মুখ্যমন্ত্ৰীয়েও এওঁলোক দুয়োকে দিয়া নাই মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰাৰ নিৰ্দেশ । সাংবিধানিক ব্যৱস্থা অনুসৰি কোনো এজন বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিলেও বিশেষ পৰিস্থিতিত তেওঁ অন্ততঃ ছমাহলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব পাৰে।এই ব্যৱস্থাৰ সুযোগ লৈয়ে দুয়োৱেই আৰু কিছুদিনলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।
সাংসদ হ'লেও সোনকালে মন্ত্ৰিত্ব নেৰে তপন গগৈ , পল্লৱ লোচনে ! - তপন গগৈ
সাংবিধানিক ব্যৱস্থা অনুসৰি কোনো এজন বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিলেও বিশেষ পৰিস্থিতিত তেওঁ অন্ততঃ ছমাহলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব পাৰে । এই ব্যৱস্থাৰ সুযোগ লৈয়ে দুয়ো গৰাকীয়ে আৰু কিছুদিনলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।
গুৱাহাটী, 6 জুনঃ তেজপুৰ আৰু যোৰহাট সংসদীয় সমষ্টিৰ পৰা বিজয়ী হৈ অহা বিজেপিৰ দুই সাংসদ পল্লৱ লোচন দাস আৰু তপন কুমাৰ গগৈয়ে এতিয়াই ত্যাগ নকৰে মন্ত্ৰীৰ পদ ! পল্লৱ লোচন দাসে ইতিমধ্যে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পাচত বৃহস্পতিবাৰে তপন গগৈয়েও বিধায়ক পদ ত্যাগ কৰে। কিন্তু বিধায়ক পদ এৰিলেও এই দুজনৰ এজনেও বৰ্তমানলৈকে ত্যাগ কৰা নাই মন্ত্ৰীত্ব । উল্লেখ্য যে, তপন গগৈয়ে শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ লগতে গড়কাপ্তানি বিভাগৰো ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। একেদৰে পল্লৱ লোচন দাসৰ ওপৰতো ন্যস্ত আছে ৰাজ্যিক শিক্ষা মন্ত্ৰীৰ দায়িত্ব ।
সাংবিধানিক ব্যৱস্থাৰ সুযোগ লৈয়ে এই দুই নৱ নিৰ্বাচিত সাংসদে আৰু দুদিনমানলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব বিচাৰিছে বুলি উত্থাপিত হৈছে অভিযোগ । এই পৰ্যন্ত মুখ্যমন্ত্ৰীয়েও এওঁলোক দুয়োকে দিয়া নাই মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰাৰ নিৰ্দেশ । সাংবিধানিক ব্যৱস্থা অনুসৰি কোনো এজন বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিলেও বিশেষ পৰিস্থিতিত তেওঁ অন্ততঃ ছমাহলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব পাৰে।এই ব্যৱস্থাৰ সুযোগ লৈয়ে দুয়োৱেই আৰু কিছুদিনলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।
Body:ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি সাংবিধানিক ব্যৱস্থাৰ সুযোগ লৈয়ে এই দুই নৱ নিৰ্বাচিত সাংসদে আৰু দুদিনমানলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব বিচাৰিছে। এই পৰ্যন্ত মুখ্যমন্ত্ৰীয়েও এওলোক দুয়োকে দিয়া নাই মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰাৰ নিৰ্দেশ । সাংবিধানিক ব্যৱস্থা অনুসৰি কোনো এজন বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিলেও বিশেষ পৰিস্থিতিত তেওঁ অন্ততঃ ছমাহলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব পাৰে।
Conclusion:এই ব্যৱস্থাৰ সুযোগ লৈয়ে দুয়োৱেই আৰু কিছুদিনলৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।