ETV Bharat / state

ৰঙিয়াত আৰম্ভ শিক্ষকসকলৰ স্বাৱ পৰীক্ষা

author img

By

Published : Aug 27, 2020, 1:41 PM IST

ৰঙিয়াতো আৰম্ভ হৈছে শিক্ষকসকলৰ কোভিড-১৯ ৰ স্বাৱ পৰীক্ষা ৷ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰিয়ে ৰঙিয়া মহকুমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দীঘলীয়া শাৰী পাতে স্বাৱ পৰীক্ষাৰ বাবে ৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই নিৰ্দেশনাক আদৰণি জনাইছে স্বাৱ পৰীক্ষা কৰিবলৈ অহা ৰঙিয়াৰ প্ৰতিগৰাকী শিক্ষকে ৷

swab test among teachers in rangia started kamrup assam etv bharat news
শিক্ষকসকলৰ স্বাৱ পৰীক্ষা আৰম্ভ

ৰঙিয়া,27 আগষ্ট: অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 ছেপ্তেম্বৰৰ পৰা চৰকাৰী বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ মন্ত্ৰী শৰ্মাই বাধ্যতামূলক কৰিছিল শিক্ষকসকলৰ স্বাৱ পৰীক্ষা ৷ সেয়ে বিদ্যালয় খোলাৰ পূৰ্বে ৰাজ্যত আৰম্ভ হৈছে শিক্ষকসকলৰ স্বাৱ পৰীক্ষা ৷ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে শিক্ষকসকলৰ কোভিড-১৯ ৰ স্বাৱ পৰীক্ষা ৷ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰিয়ে ৰঙিয়া মহকুমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দীঘলীয়া শাৰী পাতে স্বাৱ পৰীক্ষাৰ বাবে ৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই নিৰ্দেশনাক আদৰণি জনাইছে স্বাৱ পৰীক্ষা কৰিবলৈ অহা ৰঙিয়াৰ প্ৰতিগৰাকী শিক্ষকে ৷ নিজৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ কৰ'ণাৰ সুৰক্ষাৰ অৰ্থে এই স্বাৱ পৰীক্ষা নিতান্তই প্ৰয়োজন বুলি শিক্ষকসকলে মতপোষণ কৰে ৷

শিক্ষকসকলৰ স্বাৱ পৰীক্ষা আৰম্ভ

উল্লেখ্য যে, বৃহস্পতিবাৰলৈকে প্ৰায় ৫০০ ৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীৰ স্বাৱ পৰীক্ষা সম্পূৰ্ণ হৈছে ৷ সম্প্ৰতি লাভ কৰা ২০০ ফলাফলৰ ভিতৰত পাঁচগৰাকী শিক্ষকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ উপস্থিতি ৷ তথ্য অনুসৰি, ৰঙিয়া মহকুমাত ১,৬৩৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে ৷ বাকী থকা শিক্ষকসকলৰ স্বাৱ পৰীক্ষা ৩০ আগষ্টৰ ভিতৰত সম্পন্ন কৰা হ’ব ৷

লগতে চাওকঃ অগপৰ একাদশ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.