ETV Bharat / state

শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

author img

By

Published : Dec 5, 2019, 11:18 PM IST

ৰাজ্যত পুনৰ সংঘটিত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা । এইবাৰ বস্ত্ৰনগৰী শুৱালকুছিত শহুৰ ঘৰৰ পৰিয়ালৰ বিৰুদ্ধে ন-বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ অভিযোগ ৷

শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা
SUSPECTED WOMEN SUICIDE AT SUALKUCHI

শুৱালকুছি,5 ডিচেম্বৰঃ বৃহস্পতিবাৰে শুৱালকুছিৰ সাধুটোলত সংঘটিত হয় এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা । শুৱালকুছিৰ শান্তিটোলৰ এগৰাকী মহিলাই এক ৰহস্যজনক আত্মহননৰ পথ বাছি লয় ৷ দুমাহ পূৰ্বে সাধুটোলৰ বিদিত মহন্তৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল মহিলাগৰাকী ৷ বিয়াৰ পিছৰেপৰাই বিদিত মহন্তৰ পৰিয়ালৰ লোকে যৌতুক বিছাৰি নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ তুলিছে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে । কিন্তু বিয়াৰ দুমাহ নৌ-হওতেই ৰহস্যজনক অৱস্থাত বৃহস্পতিবাৰে পুৱাই বিদিত মহন্তৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ । এই ঘটনাৰ পাছতেই স্বামী বিদিত মহন্তৰ ৰহস্যজনক পলায়নে সন্দেহ অধিক ঘনীভূত কৰি তুলিছে । ইতিমধ্যে বিদিত মহন্তৰ ঘৰত শুৱালকুছি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ ৷

আৰু পঢ়ক জামুগুৰিহাটত অবৈধ বাসগৃহত প্ৰশাসনৰ হাতোৰা

Intro:SLUG- HAJO SUALKUCHI SUSPECTED DAUGHTER IN LAW MURDER

SCRIPT- ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ ঘটনা। এইবাৰ বস্ত্ৰনগৰী শুৱালকুছিত ন-বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ অভিযোগ শহুৰৰ ঘৰৰ পৰিয়ালৰ বিৰুদ্ধে।Body:শুৱালকুছিৰ সাধুটোলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দুমাহ পূৰ্বে শুৱালকুছিৰ শান্তিটোলৰ দিপা কলিতাৰ বিয়া হৈছিল সাধুটোলৰ বিদিত মহন্তৰ সৈতে। বিয়াৰ পিছৰে পৰাই বিদিত মহন্তৰ পৰিয়ালৰ লোকে যৌতুক বিছাৰি নিৰ্যাতন চলাই আহিছিল দিপাক, এই অভিযোগ দিপাৰ অভিভাবকৰ। কিন্তু বিয়াৰ দুমাহ নহওতেই ৰহস্যজনক অৱস্থাত বৃহস্পতিবাৰে পুৱাই বিদিত মহন্তৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় দিপা কলিতাৰ মৃতদেহ। তাৰ পাছতেই চাঞ্চল্য সমগ্ৰ বস্ত্ৰনগৰীতেই। স্বামী বিদিত মহন্তৰ পৰকীয়া প্ৰেমৰ বাবে পত্নী দিপা কলিতাক হত্যাৰ সন্দেহ স্থানীয় লোকৰ লগতে দিপাৰ পৰিয়ালৰ লোকৰ।Conclusion: এই ঘটনাৰ পাছতেই কিন্তু ৰহস্যভাবে পলায়ন স্বামী বিদিত মহন্তৰ। বিদিতৰ ঘৰত দিপাৰ পৰিয়ালৰ লোক উপস্থিত হৈ লণ্ড-ভণ্ড কৰিছে ঘৰৰ আঁচবাব। ইতিমধ্যে বিদিত মহন্তৰ ঘৰত শুৱালকুছি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দিপা কলিতাৰ মৃতদেহ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.