বাইহাটা,১৬ জুন: ৰাজ্যত পুনৰ প্লাষ্টিক চাউলৰ প্ৰসংগ । যোগান বিভাগ(Supply department)ক অসাধু কলা ব্যৱসায়ীয়ে প্লাষ্টিক চাউল যোগান ধৰাৰ অভিযোগ । দৰিদ্ৰ লোকক ৰঙিয়াৰ যোগান বিভাগে সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদান কৰা বিনামূলীয়া চাউলত প্লাষ্টিকৰ চাউল যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে(Accused of supplying plastic rice in free rice) । কামৰূপ জিলাৰ ডিমু দোৱক গাঁৱত পোহৰলৈ আহিছে এই ঘটনা ।
কেইবাটাও পৰিয়ালক প্ৰদান কৰা সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিকৰ চাউল । সচৰাচৰ গ্ৰহণ কৰি অহা চাউলৰ বিপৰীতে এই চাউল দেখি হাঁহাকাৰ লাগে গ্ৰাহকসকলৰ মাজত । পানীত দিলে ওপঙি উঠা আৰু পুৰিলে প্লাষ্টিক পোৰাৰ দৰে দুৰ্গন্ধ ওলোৱা চাউলখিনি দেখি চিন্তিত হৈ পৰে পৰিয়ালকেইটা । যদিহে এই মাৰাত্মক বৰবিহৰূপী প্লাষ্টিক চাউল ভক্ষণ কৰে নিশ্চিত ভাবে বিপদত পৰিব বুলি সদৰী কৰিছে একাংশ ভুক্তভোগী গ্ৰাহকে ।
ৰঙিয়া যোগান বিভাগে যোগান ধৰা চাউলত কেনেদৰে প্লাষ্টিৰ চাউল আহিল সেয়া তাক লৈ এতিয়া সৃষ্টি হৈছে এক ৰহস্যৰ । এই ঘটনা সন্দৰ্ভত এক উচিত তদন্ত দাবী কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে ।
লগতে পঢ়ক: বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে বোকাখাত মহকুমা প্ৰশাসনে