ETV Bharat / state

ছয়গাঁৱত শোৱনি কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহঃ স্বামীগৃহ লণ্ড-ভণ্ড উত্তেজিত ৰাইজৰ

author img

By

Published : Dec 1, 2019, 6:35 PM IST

ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে লণ্ড-ভণ্ড কৰে স্বামীগৃহ ৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত মহিলাগৰাকীৰ স্বামী কুমুদ কলিতা আৰু দেওৰেক উৎপল কলিতাক আটক কৰিছে ৷

ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু
ছয়গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা:শোৱনি কোঠাত উদ্ধাৰ মৃতদেহ

ছয়গাঁও,1 ডিচেম্বৰ: পুনৰাই অসমত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হয় ৷ ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে পুৱা অঞ্চলটোত সৃষ্টি হয় উত্তেজনা ৷

উত্তেজিত স্থানীয় ৰাইজে স্বামীগৃহৰ আচবাব লণ্ড-ভণ্ড কৰে ৷ ঘটনাৰ বিৱৰণী মতে, বান্দাৰটাৰীৰ কুমুদ কলিতাৰ পত্নী ৰেখা কলিতাৰ মৃতদেহ শোৱনী কোঠাৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা যায় ৷ মৃতদেহটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাৰ পিচত স্বাভাৱিকতে হুৱাদুৱাৰ সৃষ্টি হয় অঞ্চলটোত । স্থানীয় লোকে আৰক্ষী আৰু মহিলাগৰাকীৰ পৰিয়ালক ততালিকে খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

আনহাতে, ৰেখাৰ পৰিয়ালে এই মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। ৰেখাৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি, স্বামীৰ পৰিয়ালে প্ৰায়ে ৰেখাৰ ওপৰত অত্যাচাৰ চলাই আহিছিল । ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত মহিলাগৰাকীৰ স্বামী কুমুদ কলিতা আৰু দেওৰেক উৎপল কলিতাক আটক কৰিছে ।

ছয়গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা:শোৱনি কোঠাত উদ্ধাৰ মৃতদেহ

লগতে চাওক:সৰুসজাইত 'খেলো ইণ্ডিয়া 2020'ৰ বৰ্ণিল অনুষ্ঠান

Intro:ছয়গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ উত্তেজিত একাংশ লোকে ভাঙি লণ্ড ভণ্ড কৰে স্বামী গৃহৰ ঘৰৰ আচ বাব ৷Body:ছয়গাঁও ১ ডিচেম্বৰ : ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি দেওবাৰে পুৱাই উত্তেজনাৰ সৃষ্টি হয়। বান্দাৰটাৰীৰ কুমুদ কলিতাৰ পত্নী ৰেখা কলিতাই নিজৰ কোঠাৰ চিলিং ফেনত কাপোৰে ওলমি থকা অৱস্থাত দেওবাৰে পুৱা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাৰ পিচতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত। লগে লগে আৰক্ষী আৰু মৃত মহিলা গৰাকীৰ পৰিয়ালক স্থানীয় লোকি খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষী থানালৈ লৈ আহে। আনহাতে এই মৃত্যু স্বামীৰ পৰিয়ালৰ দ্বাৰা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে ৰেখাৰ পৰিয়ালে। অভিযোগ অনুসৰি, মৃত মহিলা গৰাকীৰ স্বামীৰ পৰিয়ালে প্ৰায়ে তেওঁৰ ওপৰত অত্যাচাৰ চলাইছিল। আৰক্ষীয়ে সোধপোচৰ বাবে স্বামী কুমুদ কলিতা আৰু দেওৰেওক উৎপল কলিতাক আটক কৰিছে। আনহাতে এই ঘটনাৰ পিছতে একাংশ উত্তেজিত লোকে কুমুদ কলিতাৰ বাসগৃহৰ আচবাব লণ্ড ভণ্ড কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.