আজাৰা, 7 ডিচেম্বৰ : আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুই জীয়ৰী । নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত চাউথ এছিয়ান গেমত অসমৰ লগতে অৰুণাচলৰ জীয়ৰীয়ে আঁজুৰিলে সোণ আৰু ৰূপৰ পদক । অসমকন্যা ভাৰ্ষা সিংহাই চাউথ এছিয়ান গেমছত টাইকোৱান্ডোৰ ৫২ কেজি শাখাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক দখল কৰে ৷ আনহাতে, অৰুণাচলৰ ৰূপা বায়ৰেও দখল কৰে ৰূপৰ পদক ।
এই প্ৰতিযোগিতাত বাংলাদেশ, পাকিস্তানকে ধৰি দক্ষিণ এছিয়াৰ সকলো দেশে অংশগ্ৰহণ কৰিছিল । গুৱাহাটীৰ বাসিন্দা তথা অসম জীয়ৰী ভাৰ্ষা সিংহাই পূৰ্বতেও টাইকোৱান্ডোত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল ।
এই সফলতা লাভ কৰি শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ দুয়ো জীয়ৰী উপস্থিত হয়হি বৰঝাৰ বিমানবন্দৰত । ইয়াৰ পাচতে দুয়োকে বিমানবন্দৰত উষ্ম আদৰণি জনাই আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে । আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰি সন্তুষ্টি ব্যক্ত কৰে উত্তৰ-পূৰ্বাঞ্চলৰ দুয়ো জীয়ৰীয়ে ।
আৰু পঢ়ক : 'ৰেপ কেপিটেল'লৈ ৰূপান্তৰিত উত্তৰ প্ৰদেশৰ উন্নাও !