ETV Bharat / state

দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত বাইহাটাৰ কেইগৰাকীমান ছাত্ৰৰ - ক'ভিড

ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে সান্ধ্য আইন জাৰি কৰাৰ বাবে বহু লোকৰে উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে । বিশেষকৈ দৰিদ্ৰ লোকসকলে দুবেলা দুমুঠি যোগাৰ কৰাটোও কঠিন হৈ পৰিছে । এনে বিপদৰ সময়ত ১৫টা দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে বাইহাটাৰ কেইগৰাকীমান ছাত্ৰই ।

Students distributed food items and mask in Baihata
দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত বাইহাটাৰ কেইগৰাকীমান ছাত্ৰৰ
author img

By

Published : Jun 5, 2021, 9:48 PM IST

বাইহাটা, ৫ জুন: সঠিক শিক্ষাই একোজন ছাত্ৰক জীৱন যুঁজৰ সৈতে সংগ্ৰাম কৰি যাবলৈ বাট দেখুৱায়, মানৱ জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পোৱাত সহায় কৰে । এই কথা প্ৰমাণ কৰিছে বাইহাটা চাৰিআলিৰ কেইগৰাকীমান ছাত্ৰই । ক'ভিড-১৯ মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইনে এতিয়া বাৰুকৈয়ে প্ৰভাৱ পেলাইছে দৰিদ্ৰ লোকসকলৰ জীৱনত ।

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলে কামৰ অভাৱত ঘৰতে থাকিবলগীয়া হৈছে । ফলত উপাৰ্জন পথ বন্ধ হৈ পৰিছে । এই লোকসকলক সংকটৰ সময়ত কিছু সকাহ দিয়াৰ বাবে আগবাঢ়ি আহিছে কেইগৰাকীমান ছাত্ৰ ।

দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত বাইহাটাৰ কেইগৰাকীমান ছাত্ৰৰ

দৰিদ্ৰ লোকসকলে যাতে লঘোণে থাকিবলগীয়া নহয়, তাৰ বাবে চাউল, দাইল, চেনী, বিস্কুট আদি যোগান ধৰিছে ছাত্ৰকেইজনে । লগতে ক'ভিড-১৯ৰ ভয়ৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে মাস্ক আৰু ছেনিটাইজাৰো বিতৰণ কৰিছে । কোনো ধৰণৰ উপাৰ্জন নথকা এই ছাত্ৰকেইজনে পিতৃ-মাতৃয়ে হাত খৰচৰ বাবে দিয়া পইচা জমা কৰি ১৫টা দুখীয়া পৰিয়ালক এই সামগ্ৰীসমূহ যোগান ধৰে । আনহাতে, এই ছাত্ৰ কেইজনে অন্য ব্যক্তি তথা অনুষ্ঠানসমূহকো দৰিদ্ৰ পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:বাইহাটাত নিচাজাতীয় সামগ্ৰীসহ আটক দুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.