ETV Bharat / state

অহা ৬ ছেপ্তেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ - বিশ্ববিদ্যালয়সমূহৰ পাঠদান সন্দর্ভত নিজাববীয়াকৈ এছ অ’ পি

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ কেতবোৰ বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে অহা ৬ ছেপ্তেম্বৰৰ পৰা খুলা হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ হোষ্টেল সমূহৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা ৷

state-educational-institutions-to-reopen-from-september-6-with-special-policy-guidelines
অহা ৬ ছেপ্তেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ
author img

By

Published : Sep 4, 2021, 7:47 PM IST

গুৱাহাটী,4 ছেপ্তেম্বৰ: ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে 6 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে ৷ যিসমূহ জিলাত ক’ভিড আক্ৰান্তৰ হাৰ 2 শতাংশৰ তললৈ হ্ৰাস পাইছে সেই জিলাসমূহত দ্বাদশ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ পাঠদান নিয়মীয়া কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ৷

যদিহে এই জিলাসমূহত আক্ৰান্তৰ হাৰ 2 শতাংশ অতিক্ৰম কৰে তেনেহলে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ কৰিব পাৰিব ৷ অৱশ্যে আক্ৰান্তৰ হাৰ দুই শতাংশৰ হ্ৰাস পালে পুনৰ এই শিক্ষা প্ৰতিষ্ঠানসমূহ খুলিব পাৰিব৷ প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ লগতে কলেজ আৰু বিশ্ববিদ্যালয়ৰ অন্যান্য ষাণ্মাসিকসমূহৰ পাঠদান পৰৱর্তী নিৰ্দেশনা নিদিয়া পর্যন্ত বন্ধ থাকিব ৷

লগতে পঢ়কঃ ৰাজ্য চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত স্বাস্থ্য খণ্ডত ১,৯৪১ টা পদত নিযুক্তি : কেশৱ মহন্ত

এইক্ষেত্ৰত অনলাইন অথবা ভার্চুৱেল মাধ্যমৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিবলৈ পৰামর্শ প্ৰদান কৰা হৈছে ৷ আনহাতে সম্পূর্ণৰূপে ভেকচিন লাভ কৰা শিক্ষার্থীসকলহে 6 ছেপ্তেম্বৰৰ পৰা হোষ্টেলত থাকিব পাৰিব ৷

সেইদৰে নিয়মীয়া পাঠদানত উপস্থিত থাকিবলৈ হলে শিক্ষার্থীসকলে প্ৰথম পালি ভেকচিন লব লাগিব ৷ অৱশ্যে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত 18 বছৰৰ অনূৰ্ধ্বৰ শিক্ষার্থীসকলক ভেকচিন নললেও সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানসমূহে নিয়মীয়া পাঠদানত অনুমতি প্ৰদান কৰিব পাৰিব৷ একেদৰে এটা শাখাত 30 জনকৈ অধিক শিক্ষার্থী থাকিব নোৱাৰিব৷ সেয়েহে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে শিক্ষার্থীৰ সংখ্যা অনুসৰি শাখা খুলিব লাগিব ৷

লগতে পঢ়কঃ PMAY আঁচনিৰ অধীনত ত্ৰিপুৰালৈ কেন্দ্ৰীয় চৰকাৰৰ ১.৫৯ লাখ ঘৰৰ আবণ্টন

আনহাতে প্ৰতি সপ্তাহৰ মূৰে মূৰে শিক্ষা প্ৰতিষ্ঠানসমূহ ছেনিটাইজ কৰিব লাগিব ৷ স্কুল পৰিচালনা সমিতি, সংশ্লিষ্ট জিলাখনৰ উপায়ুক্ত, বিদ্যালয় পৰিদর্শক আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ যুটীয়া তত্ত্বাৱধানত এই ছেনিটাইজেচন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব ৷ যিহেতু দ্বাদশ শ্ৰেণীৰ অধিকাংশ শিক্ষার্থীৰে বয়স 18 বছৰৰ তলত সেয়েহে তেঁওলোকক অধিক যত্ন ল’বলৈ এই নতুন নিৰ্দেশনাত পৰামর্শ প্ৰদান কৰা হৈছে ৷

বিদ্যালয় অথবা শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰীসকলৰ ভেকচিন সন্দর্ভত বিদ্যালয় কর্তৃপক্ষই ৰেজিষ্টাৰ বহী সাজু কৰিব লাগিব৷ লগতে এই ৰেজিষ্টাৰ বহী সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াক দাখিল কৰিব লাগিব ৷ আনহাতে ব্যক্তিগত বিদ্যালয়সমূহৰ স্কুল বাছসমূহৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত সামাজিক দূৰত্ব মানি চলিব লাগিব ৷

লগতে পঢ়কঃ পূজাৰ পূৰ্বেই ছয় সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে পাঠদান সন্দর্ভত নিজাববীয়াকৈ এছ অ’ পি(SOP) প্ৰস্তুত কৰিব লাগিব ৷ অৱশ্যে এইক্ষেত্ৰত ক’ভিডৰ নীতি-নিয়ম আৰু শিক্ষা বিভাগৰ এছ অ’ পি(SOP) তেওঁলোকে মানি চলিব লাগিব ৷ বিদ্যালয়-মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ শিক্ষার্থীসকলে শ্ৰেণীলৈ অহাৰ সময়ত তেওঁলোকৰ অভিভাৱকে প্ৰদান কৰা আপত্তিবিহীন প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ৷

কোনো শিক্ষার্থীয়ে যদি ঘৰৰ পৰাই অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব বিচাৰে তাৰ বাবে অনুমতি প্ৰদান কৰিব লাগিব ৷ আনহাতে শৈক্ষিক প্ৰতিষ্ঠানসমূহত উৎসৱ-পাৰ্বণ আদি অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ নতুন নিৰ্দেশনা দিয়া হৈছে ৷

লগতে পঢ়কঃ নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.