ETV Bharat / state

খেতিৰে বজাৰ দখল কৰিবলৈ ওলাই অহা এদল যুৱক

সৰিয়হ আৰু মটৰৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য বান্ধি লোৱা ৰঙিয়াৰ এদল উদ্যমী যুৱক ৷ ১০০ বিঘা মাটিত খেতি কৰি নিজৰ উপাৰ্জনৰ থল বাছি লোৱা যুৱক কেইগৰাকীক উৎসাহ আৰু সহযোগিতা আগবঢ়াইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷

এদল যুৱক
এদল যুৱক
author img

By

Published : Dec 11, 2020, 9:37 PM IST

ৰঙিয়া, 11 ডিচেম্বৰ : ৰঙিয়াত ৩০ গৰাকী শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ ১০০ বিঘা মাটিত সৰিয়হ আৰু মটৰৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য বান্ধি লৈছে যুৱক কেইগৰাকীয়ে ৷ এই ক্ষেত্ৰত তেওঁলোকক উৎসাহ আৰু সহযোগিতা আগবঢ়াইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷

এই ক্ষেত্ৰত তেওঁলোকক উৎসাহ আৰু সহযোগিতা আগবঢ়াইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা
এই ক্ষেত্ৰত তেওঁলোকক উৎসাহ আৰু সহযোগিতা আগবঢ়াইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই

শুকুৰবাৰে মন্ত্ৰী ভৱেশ কলিতাই নিজে পথাৰত নামি সৰিয়হৰ বীজ ছটিয়াই যুৱক কেইজনক উৎসাহ যোগোৱা পৰিলক্ষিত হয় ৷ সচৰাচৰ আমাৰ সকলোৰে পৰিচিত চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰা শিক্ষিত যুৱকৰ প্ৰতিচ্ছবিৰ সম্পূৰ্ণ ওলোটা দৃশ্য দেখিবলৈ পোৱা গ'ল ৰঙিয়াৰ যুৱক কেইগৰাকীৰ মাজত ৷ কৃষি কৰ্মৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ওলাই আহিছে উদ্যমী যুৱক কেইগৰাকী ৷ বছৰত এবাৰহে খেতি কৰা মাটিডৰাত তিনিটাকৈ ভিন্ন খেতি কৰি কৃষি বিপ্লৱৰ সূচনা কৰিছে তেওঁলোকে ৷

খেতিৰে বজাৰ দখল কৰিবলৈ ওলাই অহা এদল যুৱক

লগতে পঢ়ক: সোণগুটি ধাননিৰ সোণসেৰীয়া আভাত উদ্ভাসিত ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.