ৰঙিয়া,27অক্টোবৰঃ ৰঙিয়াৰ এগৰাকী বিশেষভাৱে সক্ষম লোক এতিয়া হৈ পৰিছে বহু লোকৰ আদৰ্শ ৷ সহায়ৰ বাবে আনৰ ওচৰত হাত নাপাতি কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী সেই ব্যক্তিগৰাকী হৈছে কৰুণাকান্ত নাথ ৷ কৰ্মসংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি ৰঙিয়াৰ মধুকুছিৰ কৰুনাকান্ত নাথে নিজ গৃহতে ১৯৮৫ চনৰ পৰাই দৰ্জীৰ কাম কৰি পৰিয়াল পোহপাল দি আহিছে ।
শাৰীৰিক বাধাকো নেওচি কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে বছৰ বছৰ ধৰি নিজৰ কৰ্মত ব্যস্ত কৰুণাকান্ত নাথ ৷ আৰ্থিক অনাটনৰ মাজতো নিজ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে কৰুণাকান্তই ৷
আনহাতে অদম্য কৰ্মস্পৃহা থকা স্বামী স্বাৱলম্বী হোৱা বাবে গৌৰৱ অনুভৱ কৰে কৰুণাকান্তৰ পত্নীয়েও ৷ ৰঙিয়াৰ কৰুণাকান্তৰ আদৰ্শৰে স্বাৱলম্বী হোৱাৰ পথ বাছি ল'ব পাৰে কৰ্মসংস্থাপনহীন আন দহজনেও ৷
লগতে পঢ়কঃ গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ডঃ 27 বছৰীয়া এজন যুৱকৰ মৃত্যু