ETV Bharat / state

বিতৰ্কত ছয়গাঁও মহাবিদ্যালয় ! - অধক্ষ্য ড0 ৰাজু বৰদলৈ

অপকৰ্মত লিপ্ত ছাত্ৰ-ছাত্ৰীৰ ভিডিঅ' ভাইৰেল ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড0 ৰাজু বৰদলৈৰ দুৰ্বল পৰিচালনা তথা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সোপাঢিলা নীতিৰ অভিযোগ একাংশ অভিভাৱক তথা একাংশ সচেতন ৰাইজৰ ৷

বিতৰ্কত ছয়গাঁও মহাবিদ্যালয় !
author img

By

Published : Sep 12, 2019, 6:31 PM IST

ছয়গাঁও,12 ছেপ্তেম্বৰ : কোন দিশে আজিৰ ছাত্ৰ সমাজ? সঠিক ৰূপত পৰিচালিত হৈছেনে অসমৰ একাংশ মহাবিদ্যালয়ৰ শৈক্ষিক তথা সামগ্ৰিক পৰিৱেশ? পুনৰবাৰ যুৱ উশৃংখলতাৰ চৰম পৰিণতিৰ ভয়ংকৰ ছবিখন স্পষ্টৰূপত প্ৰতিফলিত হৈছে দক্ষিণ কামৰূপৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ছয়গাঁও মহাবিদ্যালয়ত ৷ এহাল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে কোঠাৰ ভিতৰতে অপকৰ্মত লিপ্ত হোৱাৰ অশ্লীল দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনাই পুনৰবাৰ ভবাই তুলিছে সচেতন মহলক ৷ উল্লেখ্য যে সমগ্ৰ দৃশ্য মবাইলত বন্দী কৰি প্ৰচাৰ কৰিছিল নিজৰে সহপাঠীয়ে | অৱশেষত মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ পৰা বহিস্কাৰ কৰে উক্ত ছাত্ৰ-ছাত্ৰী দুগৰাকীক ৷ কিন্তু মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত এনেদৰে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ অপকৰ্মত লিপ্ত হ’বলৈ পালে সেয়াও হৈছে এক ডাঙৰ প্ৰশ্ন ৷ কিয়নো 2018 চনৰ পৰাই মহাবিদ্যালয়লৈ মবাইল ফোন নিয়া নিষিদ্ধ কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ যদিহে প্ৰশাসনে মবাইল ফোন নিষিদ্ধ কৰিছিলেই তেনেহলে কেনেকৈ ইমান সুলভ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত মোবাইলৰ ব্যৱহাৰ?

বিতৰ্কত ছয়গাঁও মহাবিদ্যালয় !

এই সমগ্ৰ ঘটনা চৌদিশে বিয়পি পৰাৰ পাছতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড0 ৰাজু বৰদলৈৰ দুৰ্বল পৰিচালনা তথা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সোপাঢিলা নীতিৰ অভিযোগ তুলিছে একাংশ অভিভাৱক তথা একাংশ সচেতন ৰাইজে ৷ কেৱল ইমানেই নহয় অলপতে অনুষ্ঠিত হৈ যোৱা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ আগদিনা আৰু পিচদিনা কেইবাটাও কোঠালীত বহু আপত্তিজনক সামগ্ৰী একাংশ লোকে প্ৰত্যক্ষ কৰাৰ অভিযোগ ৰাইজৰ ৷ এতিয়া প্ৰশ্ন হয় মহাবিদ্যালয়ত সংঘটিত এনেবোৰ দুস্কাৰ্য ৰোধ কৰিবলৈ সক্ষম হ’বনে কথাই প্ৰতি দাম্ভিকতাৰ পৰিচয় দিয়াৰ অভিযোগৰে অভিযুক্ত মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰাজু বৰদলৈয়ে? অতি আশ্চৰ্যজনক ভাৱে মহাবিদ্যালয়খনৰ অনুশাসন এতিয়া ৰাজনীতিৰ মেৰপেচত আৱদ্ধ হোৱা বুলি উল্লেখ কৰি সাংবাদিকৰ পৰা এৰাই চলাৰ ঘটনাই অধিক ৰসহ্যঘন কৰি তুলিছে সমগ্ৰ ঘটনা ৷

Intro:ছয়গাঁও মহাবিদ্যালয়ৰ এহাল ছাত্ৰ ছাত্ৰীৰ ভাইৰেল হোৱা এটি অশ্লীল ভিডিওক লৈ তীব্ৰ চাঞ্চল্য ৷ নিলম্বন কৰা হয় দুই ছাত্ৰ ছাত্ৰীক ৷Body:ছয়গাঁও ১২ ছেপ্টেম্বৰ : কোন দিশে আজিৰ ছাত্ৰ সমাজ ? যুৱ উশৃংখলতাৰ পৰণতিতেই বিপথগামী হৈছে নেকি দক্ষিণ কামৰূপৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ছয়গাঁও মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী | এহাল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে কোঠাৰ ভিতৰত যৌনতাত লিপ্ত হোৱাৰ অশ্লীল দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনাই পুনৰবাৰ এনে প্ৰশ্নৰ অৱতৰণা হৈছে সমগ্ৰ ছয়গাঁওবাসী ৰাইজৰ মাজত ৷উল্লেখযোগ্য যে অলপতে ছয়গাঁও মহাবিদ্যালয়ৰ এটি শ্ৰেণী কোঠাত একাংশ ছাত্ৰ ছাত্ৰীৰ সন্মুখতে দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে যৌনকাৰ্যত লিপ্ত হোৱাৰ এটি দৃশ্য মবাইলত বন্দি কৰি প্ৰচাৰ কৰিছিল নিজৰ সহপাঠীয়ে | আৰু এই দৃশ্য ছচিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছিল ৷অৱশেষত পলমকৈ হ’লেও মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী দুগৰাকীক মহাবিদ্যালয় খনৰ পৰা বহিস্কাৰ কৰে ৷ কিন্তু মহাবিদ্যালয়ত পাঠদান চলি থকাৰ সময়তেই এনেদৰে ছাত্ৰ ছাত্ৰীয়ে যৌন কাৰ্যত কেনেকৈ লিপ্ত হ’বলৈ পালে সেয়াও হৈছে এক ডাঙৰ প্ৰশ্ন ৷ কিয়নো বিগত ২০১৮ চনৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়লৈ মোবাইল নিয়াতো একেবাৰে নিষিদ্ধ কৰিছিল ৷ কিন্ত মহাবিদ্যালয়ত মোবাইল নিষিদ্ধ থকাৰ পিচতো কেনেকৈ তাকো উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে মবাইল নিবলৈ সাহস পালে ৷ মহাবিদ্যালয়ৰ প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবেই আজি ছয়গাঁও মহাবিদ্যালয়ত এনেধৰণৰ অপকৰ্ম সংঘটিত হোৱা বুলি সকলোৱে অভিযোগ কৰিছে ৷ কেৱল সভা সমিতি বিশেষকৈ মহাবিদ্যালয়ৰ সভা সমূহত বৰ বৰ ভাষণ দিয়া অধ্যক্ষ ড° ৰাজু বৰদলৈৰ দুৰ্বল পৰিচালনাৰ বাবেই মহাবিদ্যালয় খনত এনে ধৰণৰ অপকৰ্ম এয়াই নহয় আগতেও সংঘটিত হৈছে ৷ কেৱল সেয়াই নহয় অলপতে অনুষ্ঠিত হৈ যোৱা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ আগদিনা আৰু পিচদিনা কেইবাটাও কোঠালীত আপত্তিজনক সামগ্ৰী একাংশ লোকে প্ৰত্যক্ষ কৰা কাৰ্যই এটা কথা প্ৰতীয়মান কৰে যে মহাবিদ্যালয়ৰ উৎসৱ সমূহতো কিছুমান দুস্কাৰ্য তথা অপকৰ্ম চলে ৷ কথাই প্ৰতি দাম্ভিকতাৰ পৰিচয় দিয়া অধ্যক্ষ ৰাজু বৰদলৈয়ে মহাবিদ্যালয়ত সংঘটিত এনেবোৰ দুস্কাৰ্য ৰোধ কৰিবলৈ সক্ষম হ’বনে ? আনহাতে বৃহস্পতিবাৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ মবাইলবোৰ এঠাইত ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও এনে কাৰ্য কিমান দিনলৈ অব্যাহত ৰাখিব সেয়া হ’ব অতি লক্ষ্যণীয় ৷ আনহাতে অধ্যক্ষ ৰাজু বৰদলৈয়ে অপকৰ্মত লিপ্ত হোৱা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা বুলি কৈ মহাবিদ্যালয়খনৰ অনুশাসন এতিয়া ৰাজনীতিৰ মেৰ পেচত আবদ্ধ হোৱা বুলি উল্লেখ কৰি সাংবাদিকৰ আগত বিশে একো নকলে ৷ এই ঘটনাবোৰে প্ৰকৃততে মহাবিদ্যায়খনত চৰম অৰাজকতাই বিৰাজ কৰাৰেই উমান দিয়ে বুলি সচেতন মহলে মন্তব্য কৰিছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.