ৰঙিয়া,18 মাৰ্চঃ ৰঙিয়াৰ ১ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি ট্ৰাক জব্দ । নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত বাগৰি পৰে গুৱাহাটী অভিমুখী ট্ৰাকখন । আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন । ট্ৰাকখনৰ পৰা 15 টা গৰু উদ্ধাৰ কৰা হয় । গৰুকেইটা চোৰাংকৈ অনাৰ সন্দেহ স্থানীয় ৰাইজৰ । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে গৰুকেইটা ট্ৰাকৰ পৰা উদ্ধাৰ কৰি সমীপৰে এখন পথাৰত ৰখাৰ ব্যৱস্থা কৰে ।
উল্লেখ্য যে, বিগত 25 ফেব্ৰুৱাৰীত এছএছবিয়ে অভিযান চলাই ৰঙিয়াৰ মৰাণজানাৰ পৰা ২৫ খন ট্ৰাকত প্ৰায় ৭০০টাকৈ গৰু উদ্ধাৰ কৰিছিল । উদ্ধাৰ হোৱা গৰুকেইটাৰ ৫০ টাতকৈও অধিক গৰু মৃত্যুমুখত পৰে । আনহাতে, গৰুৰ এই চোৰাং ব্যৱসায়ৰ লগত একাংশ আৰক্ষীৰ লগতে ৰাজনৈতিক নেতা জড়িত থকা বুলিও সন্দেহ কৰা হৈছে । যাৰ বাবে আৰক্ষী প্ৰশাসনেও গৰুৰ এনে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে পৰ্যাপ্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
লগতে পঢ়ক-হোজাইত গ্ৰামীণ বিকাশ বেংকত চোৰৰ তাণ্ডৱ