ETV Bharat / state

আউনীআটীয় সত্ৰত কাতি বিহু পালন

author img

By

Published : Oct 17, 2020, 1:43 PM IST

আজি কাতি বিহু। পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যবাসীয়ে পালন কৰিছে মৰমৰ বিহুটি। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটীয় সত্ৰতো কাতি বিহু পালন। আজি আকাশ বন্তিয়ে জিলিকাই তুলিব আউনীআটীয় সত্ৰৰ বাকৰি।

আউনীআটীয় সত্ৰত কাতি বিহু পালন
আউনীআটীয় সত্ৰত কাতি বিহু পালন

উত্তৰ গুৱাহাটী,১৭ অক্টোবৰ: অসমীয়াৰ পৰৰম্পৰা অক্ষুণ্ণ ৰাখি আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে কাতি বিহু বা কঙালী বিহু। মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো সত্ৰৰ নীতি নিয়মৰ মাজেৰে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটীয় সত্ৰতো বিহু পালন কৰা হৈছে। সত্ৰাধিকাৰ,সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক,কবি,সাহিত্যিক ড০ পীতাম্বৰ দেৱ গোস্বামীৰ আহ্বান মৰ্মে সত্ৰ প্ৰাংগণত নিৰ্মাণ কৰা হৈছে আকৰ্ষণীয় ‌আকাশ বন্তি।

আউনীআটীয় সত্ৰত কাতি বিহু পালন

মাজুলীৰ পৰা অহা শিল্পীয়ে নিপুণ হাতেৰে সাজিছে আকাশ বন্তি। আজি গধূলি আকাশ বন্তিৰ পোহৰে আলোকিত কৰিব সত্ৰৰ বাকৰি। অপায়-অমংগল দূৰ কৰাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব সত্ৰৰ ভকত-বৈষ্ণৱে।
লগতে পঢ়ক:শ্বহীদ সেনাক সুঁৱৰি অসম ৰাইফলছৰ বিশেষ ভিডিঅ' মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.