গুৱাহাটী, 5 মে' : নাও দুৰ্ঘটনাত সন্ধানহীনক বিচাৰি ব্ৰহ্মপুত্ৰৰ বুকুত SDRF আৰু NDRF-ৰ অভিযান ৷ শনিবাৰে পলাশবাৰীৰ ৰাণী চাপৰিত ব্ৰহ্মপুত্ৰৰ বুকুত এক নাও দুৰ্ঘটনাত পতিত হৈ বৰ্তমানেও সন্ধানহীন হৈ আছে নৱ কলিতা নামৰ লোকজন ৷
5 গৰাকী যাত্ৰীৰ সৈতে নাওখনে যাত্ৰা কৰিছিল ৰাণী চাপৰিৰ পৰা মাজিৰি গাঁৱলৈ ৷ কিন্তু, প্ৰৱল বতাহ আৰু বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ সোঁতে নাওসহ উটুৱাই নিয়ে 5 জনকৈ লোকক ৷ এই ঘটনাত চাৰিজন লোকে কথমপি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয় যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে নৱ কলিতা ৷ লোকজনৰ সন্ধানত দেওবাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ ৰাখিছে SDRF আৰু NDRF এ ৷ কিন্তু দল দুটাই নৱ কলিতাৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত কান্দোনত ভাগি পৰিছে লোকজনৰ পৰিয়াল ৷
উল্লেখ্য যে, ভাৰতৰ পূৱ উপকূলৰ লগতে অসমত চলি থকা ফেনী ঘূৰ্ণীবতাহৰ ভয়াৱহতাৰ মাজতে শনিবাৰে নিশা সংঘটিত এই নাও দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চল৷