ETV Bharat / state

আছুক অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখাৰ আহ্বান বিধায়ক সত্যব্ৰত কলিতাৰ

author img

By

Published : Jan 9, 2021, 11:03 AM IST

Updated : Jan 9, 2021, 12:28 PM IST

‘‘আছু এটা অৰাজনৈতিক সংগঠন ৷ গতিকে আছুৱে সদায় নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখা উচিত ৷ ’’ আছুৰ সম্পাদকৰ মন্তব্য সন্দৰ্ভত এই মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ ৷

satyabarat kalita
satyabarat kalita

বাইহাটা চাৰিআলি, 9 জানুৱাৰী : সদৌ অসম ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰাৰ মন্তব্যক খণ্ডন কৰিলে প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰহ কলিতাই ৷ শংকৰজ্যোতি বৰুৱাই আছুৱে নিজৰ গণ্ডিৰ ভিতৰত থাকি অসম জাতীয় পৰিষদক সহায় কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে, আছু এটা অৰাজনৈতিক সংগঠন ৷ গতিকে আছুৱে সদায় নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখা উচিত ৷

আছুক অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখাৰ আহ্বান বিধায়ক সত্যব্ৰত কলিতাৰ

আনহাতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে, বিজেপি আৰু মিত্ৰদলেই অহাবাৰ চৰকাৰ গঠন কৰিব ৷ ইয়াত কোনো দ্বিমত নাই ৷ উল্লেখ্য যে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহ সম্পূৰ্ণৰূপে নামি পৰিছে ৰাইজৰ মাজত ৷ সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে সভা-সমিতি ৷ অগপ বিধায়ক জয়নাথ শৰ্মাই কমলপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে প্ৰায় দহটা পথৰ আধাৰশিলা স্থাপন কৰে ৷

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালক জোলকা-জোলোকে পানী খুওৱাৰ হুংকাৰ শৃংখল চলিহাৰ

Last Updated : Jan 9, 2021, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.