বকো, 8 জুন : বকোৰ আগছিয়াত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । ছয়গাঁও অভিমুখী টাটা ডিআইক পিছফালৰ পৰা খুন্দা মাৰে এগৰাকী বাইক আৰোহীয়ে । টাটা ডিআইক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পৰি যোৱাৰ পিছতে বাইক আৰোহীক পিছফালৰ পৰা খুন্দা মাৰে এখন ডাম্পাৰে । ফলত ঘটনাস্থলীতে নিহত হয় বাইক আৰোহীজন ৷ নিহত বাইক আৰোহীজন বকোৰ নিচিমপুৰি নিখিল ৰাভা (৪০) বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা পিছতে টাটা ডিআই আৰু ডাম্পাৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
বকোত পথ দুৰ্ঘটনাত নিহত এজন - Road Accident Kills one in Boko
সোমবাৰে সন্ধিয়াৰ ভাগত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজন বকোৰ নিচিমপুৰিৰ নিখিল ৰাভা বুলি জানিব পৰা গৈছে ৷
![বকোত পথ দুৰ্ঘটনাত নিহত এজন বকোত পথ দুৰ্ঘটনাত নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7534153-thumbnail-3x2-0.jpg?imwidth=3840)