ETV Bharat / state

দুধনৈত দুৰ্ঘটনা: থিতাতে নিহত 2, আহত 4

author img

By

Published : Aug 23, 2020, 8:53 PM IST

দেওবাৰে বিয়লি গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় 2 গৰাকীকৈ মেধাৱী ছাত্ৰই ৷ আনহাতে এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় 6 গৰাকীকৈ লোক ৷

দুধনৈত দুৰ্ঘটনা
দুধনৈত দুৰ্ঘটনা

বকো, 23 আগষ্ট: শনিবাৰে বকোৰ বন্দাপাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী শিক্ষক লগতে এগৰাকী মহিলাৰ মৃত্যু হয় ৷ দেওবাৰে পুনৰাবৃত্তি হয় একেই ঘটনাৰ ৷ দেওবাৰে বিয়লি গোৱালপাৰা জিলাৰ দুধনৈত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় দুগৰাকীকৈ মেধাৱী ছাত্ৰই ৷

দুধনৈত দুৰ্ঘটনা: থিতাতে নিহত 2, আহত 4
দুধনৈত দুৰ্ঘটনা: থিতাতে নিহত 2, আহত 4

দুধনৈৰ আমজোঙাৰ এটা মন্দিৰলৈ আহি চাইকেলেৰে উভতাৰ পথতে, ৬ গৰাকীকৈ চাইকেল আৰোহীক গুৱাহাটী অভিমুখে গৈ থকা এখন তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় ৷ সেই দুৰ্ঘটনাত চিন্তু দাস নামৰ এগৰাকী দশম ছাত্ৰ থিতাতে নিহত হয় ৷ আনহাতে আন এগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰক চিকিৎসালয়লৈ নিয়ে যদিও, চিকিৎসালতে মৃত্যু হয় ত্ৰিদেৱ ৰয় নামৰ ছাত্ৰ গৰাকীৰ ৷ পথ দুৰ্ঘনাটোত গুৰুতৰভাৱে আহত হোৱা আন কেইগৰাকী লোক পৰম দাস, সাগৰ দাস, মানৱ দাস আৰু অৰ্জুন ৰাজবংশী বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰা বাহন খন কৰায়ত্ত কৰিবলৈ সক্ষম হয় কৃষ্ণাই আৰক্ষী ৷

লগতে পঢ়ক: ধেমাজিত জীয়াঢল নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.