ETV Bharat / state

এম্বুলেন্স দুৰ্ঘটনাত ৰোগী সহ ৫ জন লোক আহত - ছয়গাঁও

ছয়গাঁৱৰ চণ্ডিকাত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত চালক আৰু ৰোগী সহ ৫ জন লোক আহত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্স খনৰ নম্বৰ- AS O1 GC 7318 ৷

এম্বুলেন্স দুৰ্ঘটনাত ৰোগী সহ ৫ জন লোক আহত
author img

By

Published : Aug 23, 2019, 12:31 PM IST

  • এম্বুলেন্স দুৰ্ঘটনাত ৰোগী সহ ৫ জন লোক আহত
  • ছয়গাঁৱৰ চণ্ডিকাত সংঘটিত হয় দুৰ্ঘটনাটো
  • দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্স খনৰ নম্বৰ- AS O1 GC 7318
    এম্বুলেন্স দুৰ্ঘটনাত ৰোগী সহ ৫ জন লোক আহত
  • ধুবুৰীৰ পৰা গুৱাহাটীলৈ এগৰাকী মহিলা ৰোগীক লৈ অহা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনাটো
  • আহত লোক কেইজন ক্ৰমে- ৰোগী ফুলেশ্বৰী ৰায়, ৰাজা ৰায়,অলক দাস,সঞ্জীৱ ৰয় আৰু ৰাজা গোৱালা
  • স্থানীয় ৰাইজে আহত লোক কেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে

Intro: ছয়গাঁৱৰ চণ্ডিকাত শুকুৰবাৰে পুৱা এখন ৰোগী কঢ়িওৱা এম্বুলেন্স দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত চালক আৰু মহিলা ৰোগী সহ ৫ জন লোক আহত হয় ৷Body:ছয়গাঁও ২৩ আগষ্ট : ছয়গাঁৱৰ চণ্ডিকাত শুকুৰবাৰে পুৱা এম্বুলেন্স দুৰ্ঘটনাত পতিত ৷ নিয়ন্ত্ৰণ হেৰুৱাই ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মৰা কলহীত বাগৰি পৰে এম্বুলেন্সখন ৷ AS O1 GC 7318 নম্বৰৰ এম্বুলেন্সখনেৰে ধুবুৰীৰ পৰা এগৰাকী মহিলা ৰোগীক লৈ গুৱাহাটীলৈ অহাৰ পথত দু্ৰ্ঘটনাত পতিত হয় এম্বুলেন্সখন ৷দুৰ্ঘটনাটোত এম্বুলেন্সখনৰ চালক সহ মুঠ ৫ জন লোক আহত হয় ৷ গুৱাহাটীলৈ চিকিৎসাৰ বাবে অহা ৰোগী ফুলেশ্বৰী ৰায়,চালক ৰাজা খানৰ উপৰি এম্বুলেন্সত অহা ৰোগীৰ আত্মীয় অলক দাস,সঞ্জীৱ ৰয় আৰু ৰাজা গোৱালা আহত হয় ৷ আহত লোক সকলক গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ইয়াত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আটাই কেইজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে ৷আনহাতে নিশাই ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা এম্বুলেন্সখনৰ চালকজনৰ টোপনী অহাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই এম্বুলেন্সখন দুৰ্ঘটনাত পতিত হোৱা বুলি অনুমান কৰা হৈছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.