ETV Bharat / state

বকোৰ জাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাঃ নিহত 1

author img

By

Published : Dec 29, 2019, 8:31 AM IST

মৃত ব্যক্তিজন বকো সমষ্টিৰ হাহিমৰ ৰঞ্জিৎ কুমাৰ ৰাভা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । বকোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ৰঞ্জিৎ ৰাভা ৷ কৰ্মসূত্ৰে পৰিয়ালৰ স'তে অফিচৰ কোৱাৰ্টাৰত বাস কৰিছিল ব্যক্তিজনে ৷

পথ দুৰ্ঘটনা
পথ দুৰ্ঘটনা

বকো, 29 ডিচেম্বৰ: শনিবাৰে নিশা বকোৰ জাৰাপাৰাত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা । ফলত থিতাতে নিহত হয় এজন স্কুটি আৰোহী । জাৰাপাৰাৰ এইচ পি তেল ডিপোৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো । ঘটনাস্থলীত উপস্থিত হৈ বকো আৰক্ষীয়ে স্কুটি আৰোহীজনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক । মৃত ব্যক্তিজন বকো সমষ্টিৰ হাহিমৰ ৰঞ্জিৎ কুমাৰ ৰাভা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। বকোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ৰঞ্জিৎ ৰাভা ৷ কৰ্ম্মসূত্ৰে পৰিয়ালৰ স'তে অফিচৰ কোৱাৰ্টাৰত বাস কৰিছিল ব্যক্তিজন ৷ উল্লেখ্য যে , দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ'ল সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা যোৱা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

বকোৰ জাৰাপাৰাত পথ দুৰ্ঘটনা

লগতে পঢ়ক: চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ অভিযুক্ত প্ৰৱঞ্চক

Intro:Body:শনিবাৰে নিশা বকোৰ জাৰাপাৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। থিতাতে নিহত হয় এজন স্কুটি আৰোহি। জাৰাপাৰাৰ এইচ পি তেল ডিপ'ৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা। বকো আৰক্ষীয়ে স্কুটি আৰোহি গৰাকীক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত ব্যক্তিজন বকো সমষ্টিৰ হাহিমৰ ৰঞ্জিৎ কুমাৰ ৰাভা, ৪৬ বছৰ বয়স বুলি চিনাক্ত কৰিছে। বকোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ৰঞ্জিৎ, কৰ্ম্মসূত্ৰে অফিচৰ কোৱাৰ্টাৰত বাস কৰিছিল পৰিয়ালৰ সতে। কেনেদৰে দূৰ্ঘটনা সংঘটিত হল বৰ্তমানলৈ জানিব পৰা নাই যদিও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.